Trouble In The HSLC Examination:মেট্ৰিক পৰীক্ষাত অথন্তৰ !

পৰীক্ষা আছিল ইংৰাজীৰ,প্রশ্নকাকত আহিল অসমীয়াৰ, পশ্চিম কাৰ্বি আংলঙৰ হাবাইপুৰ উ: মা: বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ল এঘন্টা পলমকৈ

haiwaipur @karbianglong

Trouble In The HSLC Examination:

আজিৰে পৰা আৰম্ভ হ’ল ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষা অন্ত পৰিব চাৰি মাৰ্চত পৰীক্ষা। আজি পৰীক্ষাৰ প্ৰথম দিনটোতে লাগিল অথন্তৰ ৷ যাৰবাবে পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয় এঘন্টা পলমকৈ ৷

এই অথন্তৰৰ কেন্দ্ৰবিন্দু পশ্চিম কাৰ্বি আংলং জিলাৰ হাবাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰ ৷ আজি পৰীক্ষা আছিল ইংৰাজী বিষয়ৰ ৷ কিন্ত পৰীক্ষা কেন্দ্ৰলৈ ইংৰাজীৰ পৰিৱৰ্তে আহিল অসমীয়া বিষয়ৰ প্ৰশ্নকাকত । ইয়াৰ ফলস্বৰূপে পৰীক্ষা এঘন্টা পলমকৈ অনুষ্ঠিত কৰিবলগীয়া হয় ৷

উল্লেখ্য যে,পাহাৰীয়া জিলা অন্যতম পৰীক্ষা কেন্দ্ৰটোত মুঠ ৩৭০ গৰাকী পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ কিন্ত পৰীক্ষা কেন্দ্ৰ নিৰ্ধাৰিত সময় অনুসৰি শিক্ষাৰ্থী সকল নিজৰ স্থানত বহাৰ পাছতে পৰীক্ষা কেন্দ্ৰত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

কিয়নো কেন্দ্ৰটোত ইতিমধ্যে ইংৰাজীৰ পৰিৱৰ্তে অসমীয়া বিষয়ৰ প্ৰশ্নকাকত আছিল ৷ এই খেলিমেলিক লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ অৱশ্যে পিছত সঠিক প্ৰশ্নকাকতৰে পৰীক্ষা অনুষ্ঠিত হয়৷ ইয়াৰ ফলত এঘন্টা পলমকৈ পৰীক্ষা অনুষ্ঠিত হোৱাত বাৰ বজাত পৰীক্ষা শেষ হ’ব লাগিছিল যদিও দিনৰ এক বজালৈ পৰীক্ষা অনুষ্ঠিত কৰে কেন্দ্ৰৰ কৰ্তৃপক্ষই ৷

Exit mobile version