ATM Theft:হাতত চিপৰাং লৈ এটিএম ভাঙি ধন লুট কৰিবলৈ গৈ আৰক্ষী জালত দুই বন্ধু

tezpur

ATM Theft:

গভাইত চোৰৰ টাৰ্গেট এতিয়া এটিএম ৷ য’তে ত’তে এটিএম ভাঙি ধন লুট কৰি আহিছে চোৰে ৷ এই বিদ্যাৰ প্ৰতি আসক্তি বাঢ়িল দুই বন্ধুৰ ৷ এটিএম লুট কৰাৰ উদ্দেশ্যৰে হাতত হাতুৰী-বটালী-চিপৰাং লৈ মাজ নিশা সাজু হৈছিল সঞ্জু বাছফৰ আৰু নানকু বাছফৰ ৷

কিন্ত চোৰ কৰিলে উত্তম বিদ্যা ,ধৰা পৰিলে শিলৰ খুন্দা । এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল নতুনকৈ চোৰ বিদ্যাত হাত দিয়া দুই চোৰৰ ৷ এটিএম লুট কৰিব লওঁতেই দুয়োজনকে আৰক্ষীয়ে হাতেলোটে আটক কৰে । ধৃত যুৱক দুজনৰ পৰা এখন স্কুটী সহ এটিএম কাটিব পৰা কেতবোৰ সামগ্ৰী জব্দ কৰে তেজপুৰ আৰক্ষীয়ে । ধৃত দুই চোৰৰ ঘৰ তেজপুৰ হৰিজন কলনিত ৷

Exit mobile version