Former Congress President Files Asset Accounts:ৰাজ্যসভাৰ সাংসদ হোৱাৰ পূর্বে সা-সম্পত্তিৰ হিচাপ দাখিল কংগ্ৰেছৰ প্রাক্তন সভানেত্রীৰ

ইটালীৰ ঘৰ, সোণৰ গহনাকে ধৰি চাৰে ১২ কোটিৰ গৰাকী ছোনিয়া গান্ধী

sonia

Former Congress President Files Asset Accounts:

নিজৰ স্থাবৰ-অস্থাবব সম্পত্তিৰ হিচাপ দাখিল কৰিলে ছোনিয়া গান্ধীয়ে। এই হিচাপতে দেখা গ’ল যে ক্ষমতাত নথকা সত্ত্বেও প্রাক্তন সভানেত্ৰীগৰাকীৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে।

অৱশ্যে পূৰ্বৰ তুলনাত এই বৃদ্ধিৰ হাৰ বহুখিনি হ্রাস পাইছে। সোণৰ গহনাৰ পৰা আৰম্ভ কৰি ইটালীৰ ঘৰৰ ভাগ তথা উত্তৰাধিকাৰ সূত্রে লাভ কৰা সম্পত্তিলৈ সকলো মিলাই ২০১৯ৰ পৰা ২০২৪লৈ কংগ্রেছৰ বৰ্ষীয়ান নেত্ৰীগৰাকীৰ সম্পত্তি ৫.৮৯ শতাংশ বৃদ্ধি পাইছে।

ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে ছোনিয়া গান্ধীয়ে বুধবাৰে নিজৰ মনোনয়ন পত্র দাখিল কৰে । এইবাৰ লোকসভা এৰি বর্ষীয়ান নেত্ৰীগৰাকীয়ে প্রথমবাৰলৈ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ প্রার্থী হ’বলৈ মন মেলিছে। কংগ্ৰেছৰ প্রাক্তন সভানেত্ৰীগৰাকীয়ে এক পত্রযোগে জনাইছে যে স্বাস্থ্যজনিত কাৰণতে তেওঁ দীর্ঘদিনৰ লোকসভা সমষ্টি ৰায়বেৰেলী ত্যাগ কৰিবলগীয়া হৈছে।

অবশ্যে ৰাজ্যসভাৰ সাংসদৰূপে তেওঁ দেশৰ হকে কাম কৰি যাব বুলিও জনাইছে। ৰাজস্থানব ৰাজাসভাৰ প্রার্থীৰূপে ছোনিয়াই ১৪ ফেব্রুৱাৰীত মনোনয়ন পত্র জমা দিয়ে। নেত্রীগৰাকীয়ে জমা দিয়া শপতনামাৰ পৰাই সম্প্রতি পোহৰলৈ আহিছে তেওঁৰ সাম্প্রতিক আর্থিক অৱস্থাৰ তথ্য।

আনকি ছোনিয়াৰ বিৰুদ্ধে থকা আইনী গোচৰৰ সবিস্তাৰ তথ্যও শপতনামাৰ পৰা পোহৰলৈ আহিছে। শপতনামাৰ তথ্য অনুসৰি, জোনিয়াৰ বর্তমানৰ মুঠ সম্পত্তিৰ মূল্য ১২ কোটি ৫৩ লাখ ৭৬ হেজাৰ ৮২২ টকা। যাৰ ভিতৰত অস্থাবৰ সম্পত্তি আছে ছয় কোটি ৩৮ লাখ ১১ হেজাৰ ৪১৫ টকাৰ। এই অস্থাবৰ সম্পত্তিৰ ভিতৰত আছে নগদ ধন, সোণ-ৰূপৰ গহনা, অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা ৰয়েল্টী, বিভিন্ন বিনিয়োগৰ পৰা প্ৰাপ্য ধনৰ উপৰি বহু, বেংকত জমা ধন আদি।

অস্থাবৰ সম্পত্তিৰ এটা বৃহৎ অংশ হৈছে তেওঁৰ গহনা। উল্লেখ্য যে কংগ্রেছৰ বৰ্ষীয়ান সাংসদ গৰাকীক সততে বিশেষ গহনা পৰিধান কৰা দেখা নাযায়। তৎসত্ত্বেও তেওঁৰ এক কোটি সাত লাখ ১৫ হেজাব ৪৯০ টকা মূল্যৰ গহনা আছে বুলি শপতনামাত উল্লেখ কৰিছে।

ইয়াৰ ভিতৰত আছে এক কিলোগ্রাম তিনিশ গ্রাম ওজনৰ সোণৰ গহনা। যাৰ মূল্য এই সময়ত ৪৯.৯৫ লাখ টকা। তদুপৰি আছে ৮৮ কিলোগ্রাম ওজনৰ ৰূপৰ গহনা আৰু বাচন-বর্তন। ইবোৰৰ সাম্প্রতিক মূল্য ৫৭.২ লাখ টকা। ইয়াৰ সমান্তৰালকৈ নগদ ৯০ হেজাৰ টকা থকা বুলি ছোনিয়াই শপতনামাত উল্লেখ কৰিছে।

ইপিনে, ছোনিয়াৰ স্থাবৰ সম্পত্তিৰ মূল্য হৈছে ৬.১৫ কোটি টকা। ইয়াৰ ভিতৰত আছে, উত্তৰাধিকাৰ সূত্রে লাভ কৰা ইটালীৰ ঘৰটো। সেই ঘৰৰ ছোনিয়াৰ ভাগৰ মূল্য হৈছে ২৬.৮৪ লাখ টকা। উল্লেখ্য যে ইয়াৰ পূর্বে প্রতিবাৰৰ লোকসভা নির্বাচনৰ পূর্বেও কংগ্রেছ নেত্ৰীগৰাকীয়ে নিজৰ সম্পত্তিৰ হিচাপ দাখিল কৰিছিল।

তাতেই দেখা গৈছে যে প্রতি পাঁচ বছৰৰ অন্তৰালত ছোনিয়াৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই আছে। অৱশ্যে কংগ্রেছ ক্ষমতাহীন হোৱাৰ পাছৰে পৰা তেওঁৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধিৰ হাৰ ক্রমান্বয়ে হ্রাস পাই আছে। ২০০৯ৰ পৰা ২০১৪ৰ ভিতৰত ছোনিয়াৰ সম্পত্তিৰ পৰিমাণ ৫৭৪.১৮ শতাংশ বৃদ্ধি পাইছিল। অথচ ২০১৪ৰ পৰ্য্য ২০১৯লৈ তেওঁৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হাৰ ২৭.৫৯ শতাংশলৈ হ্রাস পাইছে।

সেইদৰে ২০১৯ৰ পৰা ২০২৪ত এই বৃদ্ধিৰ হাৰ ৫.৮৯ শতাংশলৈ নামিছে। শপতনামাত কংগ্রেছ সাংসদ গৰাকীৰ সম্পত্তিৰ হিচাপৰ উপৰি তেওঁৰ শিক্ষাগত অর্হতা আৰু তেওঁৰ বিৰুদ্ধে ৰজু হোৱা আইনী গোচৰৰ হিচাপো উল্লেখ কৰা হৈছে।

ছোনিয়াই শপতনামাত জনাইছে যে তেওঁ ১৯৬৪ত ছিয়েনাৰ ইনষ্টিটিউটো ছান্টা টেৰেছাৰ পৰা বিদেশী ভাষা (ফৰাচী আৰু ইংৰাজী)ত তিনি বছৰৰ পাঠ্যক্ৰম কৰিছিল। কেম্ব্রিজৰ লেনক্স কুক স্কুলৰ পৰা তেওঁ ১৯৬৫৩ ইংৰাজী ভাষাৰ ওপৰত এক ছার্টিফিকট ক’র্চ কৰিছিল। শপতনামাত লগতে জনাইছে যে আজি পর্যন্ত ছোনিয়াৰ বিৰুদ্ধে এটাও ফৌজদাৰী গোচৰ পঞ্জীয়ন হোৱা নাই।

Exit mobile version