Heroin Seized In Naharkatia:নাহৰকটীয়া আৰক্ষীৰ অভিযান,হেৰোইন জব্দ ,ধৃত এজন 

heroin 1

Heroin Seized In Naharkatia:

শেহতীয়াকৈ টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তত চুলাই মদৰ সমান্তৰালকৈ বৃদ্ধি পাইছে অবৈধ ড্ৰাগ্‌চ, গাঞ্জা, হেৰোইনৰ প্ৰচলন । এতিয়া ভবাই তুলিছে বৃহত্তৰ সমষ্টিটোৰ সচেতনত মহলক ।

ADVERTISEMENT

এনে অবৈধ কাৰ্যকালাপৰ বিৰুদ্ধে টিংখাং আৰু নাহৰকটীয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই থকাৰ মাজতে কালি টিংখাঙৰ মাহমৰা গাঁৱৰ থুলাই চুক গাৱৰ পাৰ্থপ্ৰতিম  ধাদুমিয়া উৰফে মাইনা (৩১) নামৰ এজন যুৱকৰ গৃহৰ কোঠাত  চাৰিটাকৈ ছাধা টেমাৰ  ভিতৰত ৬.০৬ গ্ৰামৰ সন্দেহযুক্ত হেৰোইন উদ্ধাৰ কৰে ।

ধৃত যুৱক জনে হেৰোইন বিক্ৰী নে সেৱন কৰিবলৈ নিজৰ কোঠাত ৰাখিছিল সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই । এই ক্ষেত্ৰত আৰক্ষীৰ তদন্ত অব্যাহত আছে । আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি গাঁ‌ৱখনতো প্ৰতিক্ৰিয়া অব্যাহত আছে ।

Exit mobile version