Udalguri:বৰ্দ্ধিত পৌৰকৰকে ধৰি ওদালগুৰি চহৰৰ একাধিক সমস্যাৰ ওপৰত নাগৰিক সভা

খোৱাপানী, ষ্ট্ৰীটলাইট, জৰাজীৰ্ণ পথ, অপৰিস্কাৰ চহৰখনৰ প্ৰসঙ্গ উত্থাপিত হ'ল

meeting 1

Udalguri:

নাগৰিক অধিকাৰ দাবী সমিতি ওদালগুৰিৰ আহ্বানত কালি ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘ সভাগৃহত এখনি ৰাজহুৱা নাগৰিক সভা অনুষ্ঠিত হৈ যায়। গিৰীন্দ্ৰ নাথ চৌধুৰীয়ে সভাপতিত্ব কৰা তথা দীপক শৰ্মাই আতধৰা সভাখনিত ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ দেৱানী আদালতত বিচৰাধীন ওদালগুৰি পৌৰসভাই এক এপ্ৰিল ২০২২ তাৰিখৰ পৰা বলৱৎ কৰা বৰ্ধিত পৌৰকৰৰ বিষয়টিৰ আলোচনা হয় ৷ উল্লেখ্য যে উক্ত তাৰিখৰ পৰা অসমৰ বাকী পৌৰসভাত নতুন পৌৰকৰ বলৱৎ হোৱাৰ সময়ত স্থানীয় নাগৰিকৰ দাবীৰ প্ৰতি সহাৰি দি বিভিন্ন স্থানত অত্যাধিক নিৰিখৰ পৌৰকৰ হ্ৰাস কৰা হ’ল।

কিন্তু ওদালগুৰি পৌৰসভাই পাইলট প্ৰজেক্টৰ নামত এটা বছৰ অতিৰিক্তকৈ নতুন নিৰিখত লগতে অত্যাধিক হাৰত পৌৰকৰ বলৱৎ কৰি ওদালগুৰি নগৰবাসীক দুই ধৰণে অন্যায় কৰা বুলি সভাই একেমুখে সমালোচনা কৰে। এনে অগণতান্ত্ৰিক আচৰণৰ পৰা আতৰি অসমৰ বাকী পৌৰসভা সমূহৰ দৰেকৈ পৌৰকৰ নিম্নতম বহনক্ষম হাৰত লোৱা উচিত বুলি সভাত আলোচিত হয়।

এই ক্ষেত্ৰত বিগত বৰ্ষৰ ১০ মাৰ্চ তাৰিখ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই অসমৰ সমূহ পৌৰসভাত পৌৰকৰ পূৰ্বৰ কৰৰ সতে ২৫% শতাংশকৈ বঢ়োৱাৰ বাবে পঠোৱা পত্ৰৰ প্ৰসংগও সভাত আলোচিত হয়। সেই সময়ত বিধান সভাৰ বিতৰ্কতো পৌৰমন্ত্ৰীয়ে উক্ত কথাকে কোৱাৰ প্ৰসংগটিও নাগৰিক সভাত স্থান পায়। যিহেতু ওদালগুৰিৰ পৌৰকৰৰ বিষয়টো ন্যায়ালয়ৰ ওচৰত আছে গতিকে মহামান্য ন্যায়ালয়ে উক্ত নিৰিখত পৌৰকৰ নিৰ্ধাৰণ কৰিলে আপত্তি নাথাকিব বুলি সভাই ঐক্যমত্য প্ৰকাশ কৰে ৷

ইফালে ওদালগুৰি নগৰখনখনক লৈ স্থানীয় পৌৰসভাৰ সচেতনতাৰ দিশটোও সভাত স্থান পায়। কেৱল মাত্ৰ পৌৰকৰ সংগ্ৰহৰ নামত ব্যস্ত থকা পৌৰসভাই নগৰখনত পৰিস্কাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ চকুত লগা কাম কৰা পৰিলক্ষিত হোৱা নাই। আনকি ওদালগুৰি সাপ্তাহিক বজাৰত মাংসৰ পেলনীয়া আৱৰ্জনাই পাহাৰ সদৃশ পৰিৱেশৰ সূচনা কৰি অঞ্চলতটোত দুৰ্গন্ধই ছানি ধৰিছে ৷

এই অভিযোগবোৰ পোৱাৰ পিছতো পৌৰসভাই কানসাৰ নিদিয়ে বুলি নাগৰিক সভাত উপস্থিত একাংশই সৌচ্চাৰ হৈ পৰে৷ নলা-নৰ্দমাৰ ব্যৱস্থা বিজ্ঞানসন্মত নোহোৱাত, জনবহুল এলেকাৰ ঢাকনিবিহীন নলাবোৰে দুৰ্গন্ধ বিয়পায় একেই অস্বাস্থ্যসন্মত পৰিবেশ বিৰাজ কৰোৱা বুলি আলোচিত হয়৷ পৌৰসভাৰ কাম কাজবোৰ এনে গতিৰ হৈ থাকিলে সমগ্ৰ ওদালগুৰি নগৰখন প্ৰদূষিত ভয়াবহ এখন অতি লেতৰা নগৰ হবলৈ বেছি দিন নালাগিব বুলি ক্ষোভ ব্যক্ত কৰে ৷

পৌৰসভাই খোৱা পানী যোগানৰ ব্যৱস্থা নকৰা, নগৰখনৰ প্ৰতিটো কাষৰীয়া পথেই জৰাজীৰ্ণ হোৱা, কেইবটাও ৱাৰ্ডৰ পথ আৱেদন জনোৱা জনোৱা স্বত্বেও পকীকৰণ নকৰা, ডাষ্টবিনৰ অভাৱ, পৰ্যাপ্ত ষ্টিট লাইটৰ ব্যৱস্থা নকৰা ইত্যাদি সমস্যাবোৰ কোনো সমাধান নকৰা অৱস্থাত পৌৰকৰ কিহৰ বিনিময়ত দিব লাগে বুলি সভাত কেইবাজনেও প্ৰশ্ন কৰে।

নাগৰিক সভাই ওদালগুৰি নগৰৰ বিভিন্ন সমস্যাক লৈ শীঘ্ৰে এখনি দাবীপত্ৰ দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে উক্ত নাগৰিক সভাখনত অৱসৰ প্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া অমল দাস, ওদালগুৰি পৌৰসভাৰ প্ৰাক্তন উপ-সভাপতি হিৰন্ময়ী গোস্বামী, ৰাষ্ট্ৰপতি বটাপ্ৰাপ্ত শিক্ষয়ত্ৰী প্ৰতিভা চহৰীয়া, সাংবাদিক গৌতমজ্যোতি তালুকদাৰ, ওদালগুৰি নগৰ পালিকাৰ প্ৰাক্তন উপ-সভাপতি সুচেন ওজা, অৱসৰ প্ৰাপ্ত অধ্যাপক থুনু দাস, জেষ্ঠ নাগৰিক প্ৰমোদ বৈশ্য, প্ৰভাত দাস, ঋষিৰাম পোখ্ৰেল আদিকে ধৰই শতাধিক নাগৰিকে অংশগ্ৰহণ কৰে ৷

Exit mobile version