Former ASSU President Shankar Prasad Roy Resigns From Congress Party:কংগ্ৰেছত পুনৰ গৰাখহনীয়া !

কংগ্ৰেছ দল ত্যাগ প্ৰাক্তন আছুৰ সভাপতি শংকৰ প্ৰসাদ ৰয়ৰ, বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ, ২২ ফেব্ৰুৱাৰীত শীৰ্ঘেই গেৰুৱা বসন পিন্ধিব ৰয়ে

sankar prasad 1

Former ASSU President Shankar Prasad Roy Resigns From Congress Party:

দলীয় অন্তকলহত জৰ্জড়িত এপিপিচিত পুনৰ গৰাখহনীয়া ৷ দুজনকৈ দলীয় বিধায়কে শাসক দলত অৱস্থান কৰাৰ বিপৰ্যয় উৰ নৌপাওঁতেই এইবাৰ বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰয়ৰ দলত্যাগ ৷

আজি এপিচিচিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ ঘোষণা কৰে শংকৰ প্ৰসাদ ৰয়ে ৷

উল্লেখ্য যে,আছুৰ প্ৰাক্তন সভাপতি গৰাকীয়ে বিগত নিৰ্বাচনৰ পূৰ্বে বিজেপিত আছিল যদিও বঙাইগাঁও সমষ্টিৰ বাবে দলীয় টিকট নেপায় কংগ্ৰেছত যোগদান কৰে ৷  বিগত বিধানসভা নিৰ্বাচনত বঙাইগাঁও সমষ্টিত কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াই অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হাতত শোচনীয়ভাৱে পৰাভূত হয় ৷

শংকৰ প্ৰসাদ ৰয়ৰ এক ঘনিষ্ঠ সূত্ৰই সদৰি কৰা মতে  ২২ ফেব্ৰুৱাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ দাসৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা বিশেষ যোগদান কাৰ্যসূচীত গেৰুৱা বসন পিন্ধিব প্ৰাক্তন আছু সভাপতি গৰাকীয়ে ৷

Exit mobile version