Eight Illegal Bangladeshis Arrested in Agartala:আগৰতলাত ত্ৰিপুৰা আৰক্ষীৰ অভিযানত আটক ৮ বাংলাদেশী

bangladeshi
Eight Illegal Bangladeshis Arrested in Agartala:

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অভিযোগত আঠ গৰাকীকৈ বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰে ৷

ADVERTISEMENT

উল্লেখ্য যে, ৰাজধানী চহৰ আগৰতলাৰ স্থানীয় ৰে’ল ষ্টেচনত কৰ্তব্যৰত জি আৰ পিয়ে ষ্টেচনত সন্দেহজনকভাৱে পাইচাৰি কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে বাংলাদেশী কেইজনক। আটকাধীন বাংলাদেশী কেইজনৰ ভিতৰত পাঁচ গৰাকী মহিলা আৰু তিনিজন পুৰুষ ৷

আৰক্ষীৰ জেৰাত বাংলাদেশী কেইজনে স্বীকাৰোক্তি দিয়া মতে,দালালৰ জৰিয়তে তেওঁলোক প্ৰৱেশ কৰিছিল ভাৰতত ৷ ইতিমধ্যে ধৃত বাংলাদেশী নাগৰিক কেইজনক ৰে’ল আৰক্ষীয়ে আগৰতলা আৰক্ষীক চমজাই দিছে ৷

Exit mobile version