Nda :ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ “জন ভাৰত ৰং” উপলক্ষে সুৰজিৎ একাডেমীৰ নাট মঞ্চস্থ

DRAMA GUWAHATI

Nda :

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ অধীনত দেশজুৰি ১-২১ ফেব্ৰুৱাৰীলৈ চলি থকা আন্ত:ৰাষ্ট্ৰীয় নাট ভাৰত মহোৎসৱৰ আজি সামৰণি পৰে।

এই মহোৎসৱৰ লগত সংগতি ৰাখি ২৫ বাৰ্ষিকী ভাৰত ৰং মহোৎসৱৰ শিখৰত উপনীত হোৱাৰ সময়ত ২১ ফেব্ৰুৱাৰীত জন ভাৰত ৰংত বিকশিত ভাৰত, বসুধৈৱ কুটুম্বকম, পঞ্চ প্ৰাণ বিষয়লৈ ভাৰতৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে ভাৰতৰ বিভিন্ন ৰাজ্যত নাট পৰিবেশন কৰে ।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত থকা সুৰজিৎ একাডেমীয়ে “বিকশিত ভাৰত” বিষয়লৈ মালিগাঁৱৰ টেম্পলঘাটত থকা ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্বনৰ প্ৰেক্ষাগৃহত আজি নাট পৰিবেশন কৰে ।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’ শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ পৰিচালনাত আৰু ললিত প্ৰকাশৰ ৰচিত “উভটি আহিছে সোণালী পখী”নাট মঞ্চস্থ হয়। নাট খনত অভিনয় কৰে বিনীতা দেৱী, ধ্ৰুৱ জ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, ৰাজনাভ শৰ্মা, দীপা মহন্ত, গণেশ বড়ো, কৰিস্মিতা তালুকদাৰ, পলক কৈৰীয়ে । সংগীত ৰাজনাভ শৰ্মাৰ,মঞ্চ সজ্জা কৃতাৰ্থ শৰ্মা আৰু হিমাংশু দাসৰ। আলোকত কুশনাভ গৌতমৰ।

নাট খন কাহিনীৰ মূল কথা প্ৰতিটো চৰিত্ৰ সুন্দৰ ভাবে অভিনয় কৰিছে। দৰ্শকৰ মনোগ্ৰাহী কৰি তুলিব পাৰিছে। নাটৰ সংগীতত অসমৰ লোক সংগীত হোলী গীতৰ আধাৰ হিচাপে লৈ উপস্থাপন কৰিছে। নাটৰ প্ৰতিটো ক্ষন হৃদয়ঙ্গম কৰিব পাৰিছে। এই ক্ষেত্ৰত পৰিচালকৰ সফলতা দাবী কৰিব পাৰি। ভাৰত ৰং মহোৎসৱৰ শেষৰ দিনত গুৱাহাটী কলেজ অফ এডুকেশ্বনৰ প্ৰেক্ষাগৃহ মুখৰিত হৈ পৰে। নাট উপভোগ কৰা সকলো দৰ্শকে নাটৰ শেষত “বসুধৈৱ কুতুম্বকম, বন্দে ভাৰত, জয় জয় ভাৰত” বুলি উচ্চস্বৰে চিঞৰি উঠে।

Exit mobile version