Cattle Thief In kathalmuri:
কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ বনগাঁও অঞ্চলত বৃদ্ধি পাইছে গৰু চোৰৰ দপদপনি। নিশা গোহালিৰ পৰা চোৰে গৰু চুৰি কৰি গাঁওবাসীৰ নিদ্ৰা হৰণ কৰি আহিছে। সমান্তৰালভাবে বনগাঁৱৰ কঠালমুৰীৰ পৰা নিশা ৭ দিনীয়া পোৱালীৰ মাতৃক গোহালিৰ পৰা চুৰি কৰি নিয়ে।
কঠালমুৰীৰ মুকুন্দ বড়োৰ বাসগৃহৰ গোহালিৰ পৰা চুৰি হৈ গৰু। ৰাতিপুৱা গৃহস্থৰ লোকে ঘটনা প্ৰত্যক্ষ কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পোৱালীটোৱে মাকক বিচাৰি ফুৰিছে গাখীৰ খাবলৈ।
নিৰ্দয়হীনভাবে চোৰে এইদৰে পোৱালীৰ কাষৰ পৰা মাতৃক চুৰি কৰি নিয়া কাৰ্যত ক্ষোভিত হৈ পৰিছে। ইফালে দৰিদ্ৰ পৰিয়ালটোৱে সম্প্ৰতি গাখীৰ ক্ৰয় কৰি পোৱালীৰ যত্ন লবলগীয়া হৈছে। বিগত দিনত বৃহত্তৰ অঞ্চলটোত বিলাসী বাহনেৰে ছাগলী চুৰ কৰিবলৈ আহিছিল চোৰৰ দলে।






























