Mankachar Firing: মানকাচৰৰ ভাৰত-বাংলা সীমান্তত বিএছএফৰ গুলীচালনা

বিএছএফৰ গুলীত নিহত এজন চোৰাং গৰু সৰবৰাহকাৰী, নিশা বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ প্ৰয়াস কৰিছিল সৰবৰাহকাৰীটোৱে

indo bangla boder

Mankachar Firing:

মানকাচৰৰ ভাৰত-বাংলা সীমান্তত যোৱা নিশা সংঘটিত হয় বিএছফৰ গুলীচালনাৰ ঘটনা ৷ সীমান্তৰ কুকুৰমাৰাত বিএছএফৰ গুলীত থিতাতে নিহত হয় এজন চোৰাং গৰু সৰবৰাহকাৰী ৷

নিহত হোৱা চোৰাং গৰু সৰবৰাহকাৰী মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা গাঁৱৰ ২৬ বছৰীয়া ছাহিনুৰ ইছলাম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য য়ে,মৃত ছাহিনুৰ ইছলামে বুধবাৰে নিশা সংগোপনে বিএছএফৰ চকুত ধূলি দি কুকুৰমৰা ভাৰত-বাংলাদেশৰ সীমান্ত ভেদি চোৰাং গৰু সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল।

কিন্ত সেই সময়ত বিএছ এফৰ টহলক দলৰ সন্মুখীন হোৱাত দৌৰি পলাবলৈ চেষ্টা কৰাত দলটোৱে গুলীচালনা কৰে ৷ ফলত থিতাতে ঢলি পৰে সৰবৰাহকাৰীটো৷ সৰবৰাহকাৰীজনৰ পৰা খুকৰী -দা সহ কেতবোৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে ৷

ইতিমধ্যে মৃতদেহটো বিএছএফে মানকাচৰ আৰক্ষীক চমজাই দিছে ৷ এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ কুকুৰমাৰা অঞ্চলত চেপা উত্তেজনা অব্যাহত আছে ৷

Exit mobile version