Missing Girl From Boko Found in Jalukbari:বকোৰ পৰা নিৰুদ্দিষ্ট ছাত্ৰীক জালুকবাৰীত উদ্ধাৰ

মানৱ সৰবৰাহকাৰীৰ কবলা পৰা উদ্ধাৰ ছাত্ৰী গৰাকীক

jalukbari police

Missing Girl From Boko Found in Jalukbari:

গুৱাহাটী মহানগৰ সহ ৰাজ্যৰ চুকে-কোণে মানৱ সৰবৰাহকাৰী চক্ৰ গা কৰি উঠিছে ৷
মহানগৰীৰ লগতে ৰাজ্যৰ কেতবোৰ অঞ্চলৰ পৰা যোৱা এটা সপ্তাহত কে’বাগৰাকী ছাত্ৰী নিৰুদ্দিষ্ট হয় ৷

গুৱাহাটীৰ ননুমাটিৰ পৰা নিৰুদ্দেশ হোৱা দুই যাত্ৰীক নাৰী সৰবৰাহকাৰীৰ কবল পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

পৰৱৰ্তী সময়ত পুনৰ মৰিয়নীৰ পৰা নিৰুদ্দেশ হয় দুই ছাত্ৰী ৷ আনহাতে বকোৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী ছাত্ৰীক অৱশেষত মহানগৰ আৰক্ষীয়ে অতি তৎপৰতাৰে জালুকবাৰীত উদ্ধাৰ কৰে ৷ ছাত্ৰী গৰাকীক নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে, জালুকবাৰীৰ পৰা ছাত্ৰীগৰাকীক ঢেকীয়াজুলিলৈ নিয়াৰ পৰিকল্পনা আছিল দুষ্ট চক্ৰই ৷ তাৰ পৰা পোনেপোনে কেৰালালৈ নিয়াৰ পৰিকল্পনা যুগুত কৰিছিল নাৰী সৰবৰাহকাৰী চক্ৰটোৱে ৷

জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দর্ভত আটক কৰে মফিদা খাতুন নামৰ এগৰাকী মহিলাক ৷ জালুকবাৰী আৰক্ষীয়ে ছাত্রী অপহৰণ-কাণ্ডৰ সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version