Assam Government is on the Verge of Enforcing the UCC:ইউচিচি বলবতৰ দিশে ৰাজ্য চৰকাৰ !

অসমত বাতিল মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন, অসম কেবিনেটত সিদ্ধান্ত , ৯৪ জন পঞ্জীয়ক(কাজী)ক দুই লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ'ব

hbsrr

Assam Government is on the Verge of Enforcing the UCC:

ইউচিচি বলবৎ কৰা দেশৰ প্ৰথম খন ৰাজ্য উত্তৰাখাণ্ডৰ পিছতে অসমতো উমৈহতীয়া দেবানী বিধি (ইউচিচি) বলবতৰ প্ৰাৰম্ভিক প্রক্রিয়া আৰম্ভ কৰিছে অসম চৰকাৰে।

তাৰ অংশৰূপে শুক্ৰবাৰে দিছপুৰত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ প্রচলিত গুৰুত্বপূর্ণ আইনখন বাতিল কৰা হয়।

কেবিনেটৰ পাছত এক সংবাদমেলত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয়, ‘অসমত উমৈহতীয়া দেৱানী বিধি বাতিলৰ প্ৰক্ৰিয়া আগবঢ়োৱা হৈছে। তাৰে অংশ হিচাপে আছাম মুছলিম মেৰিজ এণ্ড ডিভ’র্চ ৰেজিষ্ট্ৰেছন এক্ট, ১৯৩৫ কেবিনেটৰ সিদ্ধান্ত অনুসৰি বাতিল কৰা হয়।

ফলত এতিয়াৰে পৰা এই আইনখনদ অধীনত বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ কৰিব নোৱাৰিব। সকলো এতিয়া স্পেচিয়েল মেৰেজ আইনৰ অধীনতে হ’ব। বাতিল কৰা আইনখনৰ অধীনত অসমত ৯৪ জন পঞ্জীয়ক(কাজী) আছে। আইনখন বাতিল কৰাত তেওঁলোকৰ জীৱন ধাৰণত অসুবিধা নহ’বৰ বাবে এককালীনভাৱে দুই লাখ টকাকৈ প্রদান কৰা হ’ব।

বাতিল কৰা আইনখন ব্ৰিটিছৰ দিনৰে পৰা চলি আহিছিল। আজিৰ সমাজ ব্যৱস্থাত এইখন আইনৰ প্ৰয়োজন নাই। আমি বিশ্বাস কৰো যে এই আইনখন বাতিলে বাল্যবিবাহ বন্ধ হোৱাতো অৰিহণা আগবঢ়াব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।’

Exit mobile version