Janakpur Sr Sri Maha Vishnu Yagya:নিত্য উৎপন্ন হৈ থকা প্ৰদূষণ আৰু পাপৰ বিনাশ ঘটে যজ্ঞৰ দ্বাৰা : মৃণালিনী দেৱী

চাৰিদিনীয়া কাৰ্যসূচীৰে জনকপুৰত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ সম্পন্ন

Janakpur

Janakpur Sr Sri Maha Vishnu Yagya:

নিজ নিজ ধৰ্মৰ লগত সংলগ্নকাৰী বিশুদ্ধ আচৰণ, আধ্যাত্মিক গুণ বা ৰীতি-নীতিসমূহ পালন কৰিব পৰা মনুষ্যৰ দ্বাৰা বাস্তৱতে এই যজ্ঞ কৰ্ম সাধন কৰা হয়। নিত্য উৎপন্ন হৈ থকা প্ৰদূষণ আৰু পাপৰ বিনাশ ঘটে যজ্ঞৰ দ্বাৰা।”

ADVERTISEMENT

মহানগৰীৰ জনকপুৰত বৃহত্তৰ কাহিলীপাৰা শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ উদযাপন সমিতিৰ দ্বাৰা চাৰিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা দ্বিতীয় দিনাৰ স্মৃতিগ্ৰন্থ উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভানেত্ৰী মৃণালিনী দেৱীয়ে

যজ্ঞ উদযাপন সমিতিৰ দ্বাৰা সম্পাদিত “সৃষ্টি” স্মৃতিগ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে আৰু কয়- “যজ্ঞ বৈদিক সভ্যতাৰ এক উপাদান। ভাৰতীয় সাংস্কৃতিৰ সনাতন ধর্মৰ জ্ঞানৰ মাধ্যম স্বৰূপ হোম-যজ্ঞ, তপ-জপ, সাধনা আদিৰ দ্বাৰা বৈদিক সমাজখনৰ সভ্যতাৰ পৰিচয় পোৱা যায়। বেদৰ সূত্র মতে প্রাচীন ভাৰতৰ মানৱে অগ্নিকেই তেওঁলোকৰ জীৱন ধাৰণৰ ক্ষেত্রত অতি প্রয়োজনীয় বুলি জ্ঞান কৰি কায়িক কষ্টেৰে লৌহ অস্ত্র, প্রস্তুৰ অস্ত্ৰ আৰু কাঠৰ টুকুৰাৰে শিলত ঘৰ্ষণ কৰিয়েই অগ্নিক আৱিষ্কাৰ কৰিব লগা হৈছিল। তাৰ পাছত অগ্নিৰ দাহিকা শক্তি মানৱ জীৱনৰ কল্যাণৰ বাবে এক অপবিহার্য অংগ বুলি বোধগম্য হোৱাত তাৰ প্রভাৱত জীৱন নিৰ্বাহৰ পথ সুগম কৰিবৰ বাবে তেওঁলোকৰ উপাস্য দেবতা হিচাপে অগ্নিক আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে।কালক্ৰমত বৈদিক সভ্যতাৰ ক্রমবিকাশ হ’বলৈ ধৰাত অগ্নি দেৱতাক সন্তুষ্ট কৰাৰ মানসেৰে হোম বা যজ্ঞ প্রচলন কৰিবলৈ লোৱাত বৈদিক সভ্যতাই দোপতদোপে মূৰ দাঙি উঠিলে। সূৰ্যৰ ৰশ্মিৰ তেজস্বিতাৰ সৈতে অগ্নি নিহিত হৈ থকাৰ ফলত মানৱ জীৱন তথা বিশ্বৰ কল্যাণকামী দেৱতাৰূপে অগ্নি পৰিগণিত হ’ল। তেতিয়াৰ পৰা অগ্নি দেৱতাই যজ্ঞৰ ‘হবি’ গ্ৰহণ কৰি মানৱ জীৱনৰ কল্যাণ সাধন কৰি আহিছে বুলি আমি বিশ্বাস কৰো।”

উল্লেখ্য যে,কাহিলীপাৰা শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ উদযাপন সমিতিৰ উদ্যোগত যোৱা ১৯, ২০, ২১ আৰু ২২ ফেব্ৰুৱাৰীত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ আয়োজন কৰা হয় ৷

কাৰ্যসূচী অনুসৰি১৯ ফেব্ৰুৱাৰীত সন্ধিয়া ৫-৩০ বজাত যজ্ঞ বেদী উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত উপায়ুক্ত কনক চন্দ্ৰ শৰ্মাই। সন্ধিয়া ৬ বজাত গুৱাহাটী সাংবাদিক কলনীৰ সৰস্বতী নামতী দলৰ নাম পৰিৱেশন। সন্ধিয়া ৬-৩০ বজাত যজ্ঞৰ অধিবাস। ইয়াত আচাৰ্য হিচাপে উপস্থিত থাকে অজিত শৰ্মা শাস্ত্ৰী।

আনহাতে ২০ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাত যজ্ঞৰ শ্ৰাদ্ধ, পুৱা ৭-৩০ বজাত যজ্ঞৰ সংকল্প, পুৱা ৮ বজাত জল আহৰণ, পুৱা ৯ বজাত সূৰ্যৰ পৰা অগ্নি আহৰণ, পুৱা ৯-৩০ বজাত মণ্ডপ প্ৰদক্ষিণ আৰু অগ্নি স্থাপন, পুৱা ১০ বজাত যজ্ঞৰ আহুতি আৰম্ভ, বিয়লি ৩ বজাত নিৰ্মালি প্ৰদান আৰু প্ৰসাদ বিতৰণ, বিয়লি ৩-৩০ বজাত মঙ্গঁলাচৰনম্ আৰু বেদস্তুতি, সন্ধিয়া ৫ বজাত যজ্ঞ উদযাপন সমিতিৰ দ্বাৰা সম্পাদিত “সৃষ্টি” স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভানেত্ৰী মৃণালিনী দেৱীয়ে।

সন্ধিয়া ৬ বজাত বামাখাটা পাঠশালাৰ শংকৰ-মাধৱ শিল্পী সমাজৰ থিয় নাম পৰিৱেশন। ২১ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাত মঙ্গঁলাচৰনম্, পুৱা ৯ বজাত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞৰ বিহিত পূজা-অৰ্চনা আৰু আহুতি প্ৰদান, বিয়লি ৩ বজাত নিৰ্মালি প্ৰদান আৰু প্ৰসাদ বিতৰণ, সন্ধিয়া ৬ বজাত মহিলাৰ নাগাৰা নামৰ শৰাই। অংশগ্ৰহণ কৰে নলবাৰী দতৰাৰ পাঠিকা অনামিকা দাসৰ মিলিজুলি নাগাৰা নামৰ দল আৰু গুৱাহাটী নুনমাটিৰ পাঠিকা নিশামণি হালৈৰ বিষ্ণুনগৰ ছোৱালী নাগাৰা নামৰ দলে।

সমিতিৰ অন্তিম দিনা ২২ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী মতে পুৱা ৭ বজাত মঙ্গঁলাচৰনম্, পুৱা ৮ বজাত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞৰ বিহিত পূজা-অৰ্চনা আৰু আহুতি প্ৰদান, দুপৰীয়া ১২ বজাত ক্ষেত্ৰ পূজা, দুপৰীয়া ১২-১৫ বজাত যজ্ঞ সম্পৰ্কে এটি আভাস আগবঢ়ায় নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দণ্ডধৰ চক্ৰৱৰ্তীয়ে। তেওঁ কয়- “অসত্যৰ পথেৰে বাট বুলি জেলৰ বগা ভাত খাই মনস্তাপত জীৱন কটোৱাতকৈ অথবা সুৰাপান কৰি শৰীৰ আৰু ধন ক্ষয় কৰাৰ পৰিৱৰ্তে যজ্ঞ কৰ্ম সম্পন্ন কৰি সমাজলৈ, অঞ্চললৈ এক শান্তিৰ সমাহিত বাতাবৰণ কঢ়িয়াই অনাটো অধিক শ্ৰেয়। যজ্ঞই সমাজ জীৱনৰ সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰি, মানসিকভাবে সকলোকে সুখ দি সমৃদ্ধিৰ বাট উজ্বলোৱাৰ লগতে বায়ুমণ্ডলকো কিছু হ’লেও প্ৰদূষণ মুক্ত কৰি তুলিব পাৰে।”

অন্তিম দিনাৰ কাৰ্যসুচীৰ অনুসৰি দুপৰীয়া ১২-৩০ বজাত পূৰ্ণাহুতি, বিয়লি ২ বজাত মহাশান্তি প্ৰদান আৰু প্ৰসাদ বিতৰণৰ অন্তত সন্ধিয়া ৫ বজাত শ্ৰীশ্ৰী সত্যনাৰায়ণ পূজা- অৰ্চনাৰে চাৰিদিনীয়া কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটে।

Exit mobile version