North Guwahati Accident: উত্তৰ গুৱাহাটীত নিশা অঘটন !

তীব্ৰবেগী ড্ৰাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই সোমাল এঘৰ লোকৰ শোৱনি কোঠাত, কথমপি প্ৰাণৰক্ষা বাসগৃহৰ লোকসকল, দুৰ্ঘটনাৰ পিছতে উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ

accident

North Guwahati Accident:

গুৱাহাটী মহানগৰ ইয়াৰ পাশ্বৰ্ৱতী অঞ্চল সহ ৰাজ্যৰ ভিন্নস্থানত ডাম্পাৰ চালকৰ দৌৰাত্ম্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। অপৈণত ড্ৰাম্পাৰ চালকৰ বাবে ৰাজপথত প্ৰাণ হেৰুৱাইছে ইজনৰ পাছত সিজনকৈ লোক ৷

আনকি যোৱা নিশা মহানগৰীৰ সদাব্যস্ত ৰেডিশ্বন ব্লু সন্মুখত দ্ৰতবেগী ড্ৰাম্পাৰে মহতিয়াই নিয়ে এখন স্কুটীক ৷ফলত থিতাতে নিহত হয় এজন ২৫ বছৰীয়া যুৱক ৷ ঘটনা সংঘটিত হোৱাৰ পাছতে উত্তেজিত ৰাইজে ড্ৰাম্পাৰ খন ভাঙি ক্ষতিসাধাৰণ কৰাৰ লগতে ৰাজপথ অৱৰোধ কৰে ৷ অৱশ্যে পিছত আৰক্ষীৰ বুজনিত ৰাইজে পথ এৰি দিয়ে ৷

শোকাৱহ দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে উদণ্ড ড্ৰাম্পাৰ চালকজন ৷ উল্লেখ্য যে নিশা হ’লেও ড্ৰাম্পাৰ চালকৰ চৰম দৌৰাত্ম্যই পথচাৰী আৰু বাহন চালকক ত্ৰাহিমধুসূদন সোধাইছে ৷

আনহাতে আজি পুৱতি নিশা উত্তৰ গুৱাহাটীৰ শিলসাঁকোত দ্ৰতবেগী ড্ৰাম্পাৰ এখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ কাষত থকা পিতাম্বৰ শৰ্মা নামৰ লোকজনৰ বাসগৃহ মহতিয়াই নিয়ে ৷

প্ৰাপ্ত খবৰ অনুসৰি ,তীব্ৰ গতিত অহা ড্ৰাম্পাৰ খনে প্ৰথমে এটা বৈদ্যুতিক খুটা মহতিয়াই নি পাছত প্ৰচণ্ড খুন্দা মাৰে বাসগৃহটোত। আকস্মিক দুৰ্ঘটনাৰ ফলত বাসগৃহৰ আবাসী সকল আবদ্ধ হৈ পৰে ঘৰটোৰ ভিতৰত ৷ আনহাতে কথমপিহে প্ৰাণৰক্ষা পৰে বাসগৃহৰ আবাসী সকল ।

পিছত স্থানীয় লোকে বাসগৃহটোৰ আবদ্ধ লোকসকলক উদ্ধাৰ কৰি এই দুৰ্ঘটনাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰে । দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে ড্ৰাম্পাৰ চালকজন ৷

এতিয়া প্ৰশ্ন হয়,নিশা হ’লেই ৰাজপথত মৃত্যুদূতৰ ৰূপত অৱতীৰ্ণ হোৱা উদণ্ড ড্ৰাম্পাৰ চালকক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসন যন্ত্ৰ তৎপৰ হ’বনে ৷ এইয়া এতিয়া ৰাইজৰ লাখটকীয়া প্ৰশ্ন ।

Exit mobile version