RBI has advised the Country to be Vigilant in Digital Transactions:
ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)-এ দেশৰ নাগৰিকসকলক ডিজিটেল লেনদেনৰ ক্ষেত্ৰত নির্দিষ্ট নিয়ম-নীতি মানি চলিবলৈ আহ্বান জনালে। সুৰক্ষিত ডিজিটেল লেনদেনৰ বাবে কেন্দ্রীয় বেংকটোৱে দেশবাসীক আঠটা নিয়ম পালন কৰিবলৈ পৰামৰ্শ দিলে।
ADVERTISEMENT
আৰবিআয়ে কয় যে গ্রাহকে নিজৰ কাৰ্ডৰ সবিশেষ, পাছৱৰ্ড, পিন, অ’টিপি, চিভিভি, ইউপিআই পিন আদি কেতিয়াও আন ব্যক্তিৰ স’তে শ্বেয়াৰ কৰা অনুচিত। সাম্প্রতিক সময়ত ডিজিটেল লেনদেন যথেষ্ট জনপ্রিয় হৈছে যদিও একাংশ লোকৰ অসাৱধানতাৰ ফলত ডিজিটেল লেনদেনত বিভিন্ন ধৰণৰ জালিয়াতিৰ সৃষ্টি হৈছে।
এই ক্ষেত্ৰত আৰবিআয়ে পৰামৰ্শ আগবঢ়াই কয় যে বেংকৰ গ্রাহকসকলে প্রয়োজনীয় সতর্কতা অৱলম্বন কৰিলে ডিজিটেল লেনদেনত হোৱা জালিয়াতিৰ ঘটনা প্রতিৰোধ কৰা সম্ভৱ।