Ops – Nps:অ পিএছ আৰু এন পিএছ প্ৰসংগক লৈ উত্তাল সদন

চৰকাৰৰ স্থিতিৰ বিৰুদ্ধে সদন ত্যাগ বিৰোধীৰ, এন পিএছ বাতিলৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ বিৰোধীৰ প্ৰতিবাদ সদনৰ বাহিৰত, অ পিএছ আনিলে পাঁচবছৰত দেউলীয়া হ'ব চৰকাৰঃঅখিল গগৈ

ops

Ops – Nps:

অসম বিধানসভাৰ আজি বাজেট অধিৱেশনৰ অন্তিম দিন ৷ সদনত অ পিএছ আৰু এন পিএছ প্ৰসংগক লৈ উত্তাল হৈ পৰে সদন ৷ এন পিএচ বাতিল কৰি অপিএছ
দিয়াৰ সন্দৰ্ভত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে ৰাইজৰ দলৰ অখিল গগৈ সহ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

কিন্ত মুখ্যমন্ত্ৰী অসমত কোনো ক্ষেত্ৰত অপিএছ কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি এইয়া যদি কৰা হয় তেন্তে চৰকাৰ দেউলীয়া হ’ব ৷ ৰাজ্যত প্ৰায় ৪ লাখ চৰকাৰী কৰ্মচাৰী আছে। ইয়াৰে অপিএছত প্ৰায় ১,৭৫,৯৯৮ জন থকাৰ বিপৰীতে এনপিএছত ত আছে প্ৰায় ২ লাখ ৮৫ হাজাৰ। ইয়াৰে প্ৰায় ১ লাখ ৫০ হাজাৰ কৰ্মচাৰী বিজেপি চৰকাৰৰ দিনত লাভ কৰা চাকৰিয়াল।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,বিজেপিৰ দিনত লাভ চাকৰিয়ালৰ অধিকাংশৰে বয়স তেনেই কম৷ কিন্তু এওঁলোকে এন পিএছক লৈ প্ৰতিবাদ কৰাৰ দৃষ্টিগোচৰ হোৱা নাই ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এনপিএচ আৰু অপিএছক লৈও প্ৰতিবাদ কৰা নাই তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে ৷

মুখ্যমন্ত্ৰীৰ এই মন্তব্যক একপ্ৰকাৰ জাঙুৰ খাই উঠে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অখিল গগৈ সহ বিৰোধী বিধায়ক সকলে ৷

অখিল গগৈয়ে কয়,এইয়া অসমৰ চৰকাৰী কৰ্মচাৰীৰ প্ৰতি চৰম অন্যায় ৷ তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হৈছে ৷ ইয়াৰ পাছতে সদন ত্যাগ কৰে বিৰোধী দল সমূহে ৷

সদনৰ বাহিৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ এন পিএছ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত কয়,অ পিএছ আনিলে পাঁচবছৰত দেউলীয়া হ’ব চৰকাৰ৷ দেশৰ বিজেপি শাসিত ৰাজ্য কেইখনৰ চৰকাৰে এন পিএছ বাতিল কৰি অপিএছ কৰাটো মুঠেই আগ্ৰহী নহয় ৷ একেদৰে ডাবোল ইঞ্জিনৰ মুল ইঞ্জিন কেন্দ্ৰীয় চৰকাৰেই অপিএছ দিয়াত বিধি পথালি দি আহিছে ৷

আজি মুখ্যমন্ত্ৰীয়ে অপিএছ দিয়াৰ ক্ষেত্ৰত যি নেতিবাচক মন্তব্য দিলে ৷ তাৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰি আগন্তুক সংসদীয় নিৰ্বাচনত সমুচিত প্ৰত্যুত্তৰ দিবলৈ অখিল গগৈয়ে চৰকাৰী কৰ্মচাৰীলৈ আহ্বান জনায় ৷

Exit mobile version