Saudi Arabia Bans Iftar in Mosques:ছৌডি আৰবত মছজিদত নিষিদ্ধ হ’ল ইফতাৰ

ছৌডি যুৱৰাজ ছলমানৰ নির্দেশ

sudi arabia

Saudi Arabia Bans Iftar in Mosques:

ছৌডি আৰৱত মছজিদত ইফতাৰ পৰিবেশনত নিষেধাজ্ঞা আৰোপ কৰা হ’ল। ছৌডি আৰৱৰ অভিষিক্ত প্রিন্স মহম্মদ বীন ছলমান অল ছাউডে এক নির্দেশনাৰ জৰিয়তে মছজিদৰ ভিতৰত ইফতাৰ পৰিবেশন কৰা নিষেধাজ্ঞা আৰোপ কৰে।

নতুন নির্দেশনা অনুসৰি, এইবাৰৰ ৰমজানৰ সময়ছোৱাত ছৌডি আৰৱৰ কোনো মছজিদৰ ভিতৰত ইফতাৰ পাৰ্টিৰ আয়োজন কৰিব নোৱাৰিব। একেটা নির্দেশনাত প্রিন্স ছলমানে ৰমজানৰ সময়ছোৱাত ইফতাৰৰ বাবে দান-বৰঙণি সংগ্রহ কৰাৰ ক্ষেত্ৰতো মছজিদৰ ইমামলৈ নিষেধাজ্ঞা আৰোপ কৰে।

নামাজৰ সময়ত মছজিদৰ ভিতৰত ভিডিঅ’ প্রস্তুত কৰাৰ বাবে কেমেৰাৰ ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Exit mobile version