Aap Pressmeet:চৰকাৰী মূল্য দিব নোৱাৰি মাটিৰ ম্যাদীকৰণৰ পৰা বঞ্চিত হৈছে খিলঞ্জীয়া ভূমিপুত্র

আপ মিছন বসুন্ধৰাৰ জৰিয়তে চৰকাৰে ভূমি ম্যাদী কৰাৰ প্রতিশ্রুতি অসাৰঃ জিতুল ডেকা

aap pressmeet

Aap Pressmeet:

ৰাজ্যৰ ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা ‘বসুন্ধৰা-২’ আঁচনিৰ বিৰুদ্ধে সৰৱ হ’ল আম আদমি পার্টী। মঙলবাৰে মহানগৰীৰ গণেশগুৰিস্থিত দলৰ ৰাজ্যিক কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ উপ-সভাপতি জিতুল ডেকাই এই আঁচনি ৰূপায়ণৰ সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি অভিযোগ কৰে যে-ৰাজ্য চৰকাৰে এই আঁচনি ঘোষণা কৰি কৈছিল ভূমি আইনৰ সুৰুঙাবে একাংশ সন্দেহযুক্ত লোকৰ দখললৈ মাটি গৈছে, অথচ খিলঞ্জীয়া ভূমিপুত্ৰই ৰাজ্যখনত বছৰ বছৰ ধৰি মাটিৰ পট্টা লাভ নকৰাকৈয়ে আছে।

একচনীয়া মাটি ম্যাদী নোহোৱাৰ ফলতো বহু খিলঞ্জীয়া লোক বঞ্চিত হৈ থাকিবলগীয়া হৈছে। সেয়ে বসুন্ধৰাৰ ফলত এইসকল লোকে ম্যাদী পট্টা লাভ কৰিব। লগতে চৰকাৰী মাটি, ভি. জি. আৰ, পি. জি. আৰ মাটিত বাস কৰা থলুৱা লোকসকলেও ভূমিৰ অধিকাৰ লাভ কৰিব। কিন্তু সংবাদমেলত উপ-সভাপতি জিতুল ডেকাই কয় যে- বাস্তবিকতে চৰকাৰৰ এই ঘোষণাৰ ওলোটা ছবিখনহে দেখিব পোৱা গৈছে।

খিলঞ্জীয়া ভূমিপুত্ৰই বছৰ-বছৰ ধৰি বাস কৰা মাটি ম্যাদী কৰিবলৈ গৈ এতিয়া পদে-পদে উজুটি খাবলগীয়া হৈছে। কিয়নো গুৱাহাটীত মাটিৰ উচ্চ দৰত নতুনকৈ চৰকাৰী মূল্য নির্ধাৰণ কৰাৰ বাবে প্রিমিয়াম দি ম্যাদী কৰিবলৈ গৈ শলঠেকত পৰিছে মহানগৰবাসী। চৰকাৰে নির্ধাৰণ কৰা নতুন চৰকাৰী মূল্য অনুসৰি মহানগৰীৰ উদ্যোগিক অঞ্চলত বিঘাই প্রতি ১.৫ কোটি টকা, ঘাইপথৰ কাষৰ মাটিৰ দাম বিঘাই প্রতি ৪.৮ কোটি টকা, গড়কাপ্তানি পথৰ দাঁতিত বিঘাই প্রতি ৫ কোটি টকা, ঘাইপথৰ এশ মিটাৰৰ ভিতৰত ৭.৮ কোটি টকা, ঘাইপথৰ এশ মিটাৰৰ বাহিৰত ৭.৭ কোটি টকা, গড়কাপ্তানি পথৰ এশ মিটাৰ ভিতৰত ৭.৬ কোটি টকা, গড়কাপ্তানি পথৰ এশ মিটাৰৰ বাহিৰত ৭.৫ কোটি টকাকৈ মাটিৰ চৰকাৰী মূল্য নির্ধাৰণ কৰা হৈছে।

আনহাতে মহানগৰীৰ বশিষ্ঠত প্রতি বিঘাই ৪.২ কোটি, মঠঘৰীয়াত ৬.৩ কোটি, নুনমাটিত ২.৭৭ কোটি, হেঙেৰাবাৰীত ৫.৭ কোটি, গীতানগৰত ৪.৩৫ কোটি, হাতীগীবত ২.৮ কোটি, জ্যোতিকুচিত ৩.৩ কোটি, খাৰধূলিত ২.৭ কোটি, ফটাশিলত ৪.৮ কোটি, বোন্দাত ২.৭ কোটি, দ্বাৰকা নগৰত ৬.৩ কোটি আৰু বাঘৰবৰীত ৩.৩ কোটি টকাকৈ প্ৰতি বিঘা মাটিৰ চৰকাৰী মূল্য নির্ধাৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ এই মূল্য অনুসৰি ম্যাদী কৰিবলৈ প্ৰয়োজন হোৱা প্রিমিয়ামৰ ধন জমা দিব নোৱাৰি বিপদত পৰিছে মহানগৰবাসী।

ফলত চক্রবিষয়াৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িও ম্যাদী পট্টা লাভৰ ক্ষেত্ৰত ব্যর্থ হৈছে মহানগৰবাসী। গুৱাহাটীৰ পাটৰকুচি, লালমাটি, বেলতলা, লখৰা, গড়চুক, কাহিলীপাৰা, জটিয়া আদি অঞ্চলৰ জনজাতীয় বা ভূমিপুত্র লোকসকল বছৰ-বছৰ ধৰি পট্টাহীন বা ম্যাদী নোহোৱা মাটিত বসবাস কৰি আছে। তেওঁলোকে ম্যাদীকৰণৰ ক্ষেত্রত নির্ধাৰিত প্রিমিয়াম আদায় দিব নোৱাৰাত নিজৰ ভূমিৰ আধা অংশ কোনো ব্যবসায়ীক বিক্ৰী কৰিবলৈও বাধ্য হোৱা বুলি জানিব পৰা গৈছে।

সংবাদমেলৰ জৰিয়তে গুৱাহাটীত বসবাস কৰা খিলঞ্জীয়া অসমীয়া, ভূমিপুত্র লোকসকলক বিনামূলীয়াকৈ অথবা কম মূল্য নির্ধাৰণ কৰি মাটিৰ ম্যাদীকৰণ বা পট্টা দিবলৈ ‘আপ, অসম’ৰ তৰফৰপৰা উপ-সভাপতি জিতুল ডেকাই সংবাদমেল যোগে মুখ্যমন্ত্রীক আহবান জনায়।

Exit mobile version