AASU:কলেজ বন্ধৰ সিদ্ধান্তক আছুৰ তীব্র বিৰোধিতা

চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ দুৱাৰ বন্ধ কৰিব বিচাৰিছেঃ ছাত্ৰ সন্থা

aasu 1

AASU:

অসম চৰকাৰে অসমৰ প্রায় ৭০ খন মহাবিদ্যালয় বন্ধ কৰিবলৈ গ্রহণ কৰা সিদ্ধান্তত সদৌ অসম ছাত্র সন্থাই আশ্বর্য্য প্রকাশ কৰিছে আৰু এনে সিদ্ধান্তৰ প্রতিবাদ কৰি তীব্র বিৰোধিতা কৰিছে। অসম চৰকাৰে এনে সিদ্ধান্তৰ জৰিয়তে অসমৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ দুৱাৰ বন্ধ কৰিব বিচাৰিছে। চৰকাৰক এই হঠকাৰী সিদ্ধান্ত শীঘ্রেই বাতিল কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছে।

ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এটা বিবৃতিত কয়-অসম চৰকাৰে এটাৰ পিচত আনটো শিক্ষা ব্যৱস্থাৰ মাধমাৰ শোধোৱা সিদ্ধান্ত লৈ আহিছে। প্রথমে বিদ্যালয় একত্রীকৰণৰ নামত অসমৰ ৮০০০ খন ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ কৰিলে।

এতিয়া প্রায় ৭০ খন মহাবিদ্যালয় বন্ধ কৰিব বিচাৰিছে। যি সময়ত হাজাৰ হাজাৰ ছাত্র-ছাত্রীয়ে উচ্চ শিক্ষা গ্রহণৰ পৰা বঞ্চিত হৈ আহিছে সেই সময়ত কলেজ বন্ধৰ সিদ্ধান্ত কোনো কাৰণতে গ্রহণযোগ্য নহয়। চৰকাৰে হাজাৰ হাজাৰ ছাত্র-ছাত্রীৰ উচ্চ শিক্ষা গ্রহণৰ দুৱাৰ বন্ধ কৰিব বিচাৰিছে। দিগন্ত চুব বিচৰা ছাত্র-ছাত্রীৰ সপোনবোৰ চৰকাৰে চুবমাৰ কৰিব বিচাৰিছে।

অসম চৰকাৰে কলেজ বন্ধ কৰাৰ পৰিবর্তে কলেজ সমূহৰ আন্তঃগাঁথনি আধুনিক সা-সুবিধাৰে সজাই তোলক। নতুন নতুন বিষয় সময়োপযোগীকৈ প্রবর্তন কৰক। খালী হৈ থকা শিক্ষক, কর্মচাৰীৰ পদবোৰ পূৰণ কৰক। ছাত্র-ছাত্রীব ভবিষ্যতক চাই চৰকাৰে সিদ্ধান্ত লওক। এনেবোৰ কাম কৰি চৰকাৰৰ বিফলতা ঢাকিবলৈহে কলেজ বন্ধৰ দৰে হঠকাৰী সিদ্ধান্ত ল’ব বিচাৰিছে। কলেজ বন্ধ কৰাটো চৰকাৰৰ চূড়ান্ত ব্যর্থতাব প্রতিফলন।

Exit mobile version