kokrajhar:অবৈধ লটাৰী-আইপিএল জুৱাৰে সৰ্বসাধাৰণক সর্বস্বান্ত কৰা চাৰিজনক গ্রেপ্তাৰ

বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা

LOTTERIES

kokrajhar:

কোকৰাঝাৰত দীর্ঘদিনৰ পৰা অবৈধ লটাৰী চলোৱা, আইপিএল জুৱা চলাই অহা চাৰিজন লোকক কোকৰাঝাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। আৰক্ষীৰ সূত্রে জানিব পৰা মতে, কালি চহৰৰ মাজমজিয়াৰ পৰা পিতা-পুত্র মদন দেবনাথ (৫৮) আৰু সূর্য দেবনাথ (২২)ক গ্রেপ্তাৰ কৰাৰ পাছত আজি পার্থ সাহা (৩৪) আৰু আয়ন দাস (৩৫)ক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।

কালি গ্রেপ্তাৰ কৰা সূর্য দেবনাথ আৰু মদন দেবনাথক আজি আদালতত হাজিৰ কৰাৰ পাছত এদিনৰ জিম্মাত লৈ আনে। আনপিনে পার্থ সাহা আৰু আয়ন দাসক তিনিদিনৰ জিম্মাত অনা হয়। মেইন মাষ্টাৰমাইণ্ড আয়ন দাস আৰু পার্থ সাহাই দীর্ঘদিনৰ পৰা নগালেণ্ডৰ ‘ডীয়াৰ নগালেণ্ড লটাৰী’ৰ অবৈধভাবে চলাই আহিছিল। অকল লটাৰীও নহয় আইপিএলৰ জুৱাও এই দুজনে চলাই আহিছে দীর্ঘদিনৰ পৰা।

এই চক্ৰটোৰ পাকচক্রত পৰি ইতিমধ্যে কোকৰাঝাৰ জিলাখনৰ বহু মানুহ সর্বস্বান্ত হৈছে। চাৰিচকীয়া-দুচকীয়া বাহনকে ধৰি মাটি-বাৰী পর্যন্ত বিক্রী কৰিবলগীয়া হৈছে। বিশেষকৈ পার্থ আৰু আয়নৰ বিৰুদ্ধে দীর্ঘদিনৰ পৰাই অভিযোগ উত্থাপিত হৈ আহিছিল। পাৰ্থৰ ঘৰ কোকৰাঝাৰ চহৰৰ বৌবজাৰত আৰু আয়নৰ ঘৰ সুভাষপল্লীত। ধৃত চাৰিজনৰ বিৰুদ্ধে কোকৰাঝাৰ থানাত ৪২/২০০২৪ নম্বৰত গোচৰ পঞ্জীয়ন হৈছে।

Exit mobile version