SEBA office in turmoil Parents of matric candidates protest ​:মহানগৰীৰ বামুনীমৈদামস্থ ছেবাৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

মেট্ৰিকৰ অংকৰ পৰীক্ষাত পাঠ্যক্ৰম বহিভূৰ্ত প্ৰশ্নকাকতক লৈ উত্তাল পৰিস্থিতি, একাংশ অভিভাৱকে ঘেৰাও কৰিলে ছেবাৰ কাৰ্যালয়, কৰ্তৃপক্ষক জবাবদিহি ক্ষুব্ধ অভিভাৱকৰ

seba

SEBA office in turmoil Parents of matric candidates protest ​:

মহানগৰৰ বামুনীমৈদামস্থ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা কাৰ্যালয়লত শুক্ৰবাৰে দুপৰীয়া সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷মেট্ৰিকৰ অংকৰ পৰীক্ষাত পাঠ্যক্ৰম বহিভূৰ্ত প্ৰশ্নকাকতক লৈ একাংশ ক্ষুব্ধ অভিভাৱকে ঘেৰাও কৰে ছেবাৰ কাৰ্যালয় ৷ ক্ষুব্ধ অভিভাৱকে অংকৰ পৰীক্ষাত পাঠ্যক্ৰম বহিভূৰ্ত প্ৰশ্নকাকত সন্দৰ্ভত ছেবাৰ সচিব এন এন নাথক সাক্ষাৎ কৰি জবাবদিহি কৰে ৷

সচিব গৰাকীয়ে এই সম্পৰ্কত কয় যে প্ৰশ্নকাকতত বিসংগতিৰ সমগ্ৰ বিষয়টো পৰীক্ষা কৰিব ৷ শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত ছেবা সদায় সদাসৰ্তক ৷

উল্লেখ্য যে,মেট্ৰিকৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অংক বিষয়ৰ পৰীক্ষাত বহি মূৰে-কপালে হাত দিবলগীয়া হ’ল ৰাজ্যৰ হেজাৰ হেজাৰ পৰীক্ষাৰ্থী ৷ছেবাই পূর্বে প্রকাশ কৰা পাঠ্যক্রম বহির্ভূত প্রশ্নৰে গণিতৰ প্ৰশ্নকাকত প্রস্তুত কৰাৰ বাবে আজি অতি মেধারী ছাত্র-ছাত্রীয়েও এশ শতাংশ প্রশ্নোত্তৰ লিখাত অসমৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিক্ষার্থী আৰু অভিভাৱকসকলে।

তেওঁলোকে অভিযোগ কৰে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বৃহস্পতিবাৰে অনুষ্ঠিত সাধাৰণ গণিত বিষয়ৰ প্ৰশ্নকাকতখন ইমানেই জটিল যে লাখ লাখ শিক্ষার্থীয়ে প্রশ্নকাকতখন হাতত লৈ পৰীক্ষা গৃহতে কান্দিবলৈ বাধ্য হয়। পূর্বে অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ লগত কোনো সামঞ্জস্য নথকা প্ৰশ্নৰে ভৰপূৰ প্ৰশ্নকাকতবে পৰীক্ষা অনুষ্ঠিত কৰা ছেবাৰ এই কাণ্ডজ্ঞানহীন কাৰ্যক লাখ লাখ শিক্ষার্থীৰ অভিভাৱকে গৰিহণা দিছে। পৰিস্থিতি এনে পর্যায়ত উপনীত হয় যে পৰীক্ষাৰ অন্তত পৰীক্ষা কেন্দ্ৰৰ বাহিৰত পৰীক্ষাৰ্থীসকলে চিঞৰি চিঞৰি কান্দিবলৈ বাধ্য হয়।

অভিযোগ অনুসৰি, কোনো অনভিজ্ঞ শিক্ষকে প্রস্তুত কৰা বাবেই প্রশ্নকাকতখনত ভৰি পৰিছিল পাঠ্যক্রম বহির্ভূত প্রশ্ন। একাংশ পৰীক্ষার্থীয়ে অভিযোগ কৰা মতে, প্রশ্নকাকতত নরম আৰু একাদশ শ্রেণীৰ প্রশ্নও সন্নিৱিষ্ট কৰা হৈছে। যাৰ ফলত বহু মেধাবী ছাত্র-ছাত্রীয়েও পৰীক্ষাগৃহত কান্দিবলৈ বাধ্য হয়।

বহু অভিভাৱকে অভিযোগ কৰে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো এটা বার্ষিক পৰীক্ষাহে, প্রতিযোগিতামূলক পৰীক্ষা নহয়; কিন্তু আজি যিখন প্রতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিৰ গণিতৰ প্ৰশ্নকাকত দিয়া হ’ল, সেয়া দেখি সকলো আশ্চর্যবোধ কৰিছে। প্রথম বস্তুনিষ্ঠ হিচাপে দিয়া ৪৫ টা প্রশ্নৰ ৩০ টাতে দীঘলীয়া সমাধানৰ প্রয়োজন হয়। ১২ আৰু ১৬ নম্বৰ প্রশ্ন দুটা অন্ততঃ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নহয় (অত্যন্ত মেধারী দুই-এজনক বাদ দি। বিষয়নিষ্ঠ প্রশ্নসমূহৰো কে’বাটাও পাঠ্যপুথিৰ বাহিৰৰ। আনকি শেষৰ প্ৰশ্নটো মহাবিদ্যালয় পর্যায়ৰ।

ইপিনে, প্রশ্নকাকতখনৰ ২৭ নম্বৰ পৃষ্ঠাৰ ৫৫ সংখ্যক প্রশ্নটো কি কাৰণত প্রশ্নকাকত প্রস্তুতকর্তাজনে সংলগ্ন কৰিলে, সেয়া কাৰো বোধগম্য হোৱা নাই। কাৰণ দশম শ্ৰেণীৰ গণিত বিষয়ৰ কিতাপখনৰ ২১০ নম্বৰ পৃষ্ঠাত থকা অনুশীলনী ৭.৪ (ঐচ্ছিক)ৰ চাৰি নম্বৰ অংকটো আজি গণিতৰ প্ৰশ্নকাকতখনত অন্তর্ভুক্ত কৰিছে; কিন্তু অতি আচৰিত কথা যে উক্ত অনুশীলনীৰ তলত এটা ফুট নোট দিয়া আছে ‘এই অনুশীলনীটো পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়।’ এই কথাখিনি লিখি দিয়াৰ লগতে ছেবাই নির্ধাৰণ কৰি দিয়া পাঠ্যক্ৰমতো দিয়া হোৱা নাই । গণিতৰ প্ৰশ্নকর্তাজনৰ কৰ্মকাণ্ডই শিক্ষার্থীসকলক হতাশাগ্রস্ত কৰাৰ আঁৰত কিবা অভিপ্ৰায় থকাৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যখনৰ ছাত্র সংগঠনসমূহে এই ক্ষেত্রত কি ভূমিকা গ্রহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে গণিত বিষয়ৰ জটিল প্রশ্নকাকতখনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ছেবাক একেমুখে ধিক্কাৰ দিয়া পৰিলক্ষিত হয় ।

Exit mobile version