Vladimir Putin:পশ্চিম বিশ্বক ধমক দি পুটিনে ক’লে, অতি বিষম পৰিণতিৰ সন্মুখীন হ’ব লাগিব

নাটোৱে ৰাছিয়াৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰিলে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ সকীয়নি

putin

Vladimir Putin:

ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমীৰ পুটিনে আকৌ এবাৰ পশ্চিম বিশ্বক মুক্ত প্রত্যাহ্বান জনালে। পুটিনে আমেৰিকাৰ বিৰুদ্ধে গৰজি উঠাৰ লগতে ইউৰোপকো সকীয়নি দিলে।

নিজৰ ভাষণত ৰুছ ৰাষ্ট্রপতিয়ে উত্তব আটলান্টিক চুক্তি সংস্থা (নাটো) কো ধমক দিলে। পুটিনে মন্তব্য কৰি কয় যে পশ্চিম বিশ্বই ৰাছিয়া আৰু ইউক্রেইনক ধ্বংস কৰিবলৈ ষড়যন্ত্রত লিপ্ত হৈছিল। পশ্চিম বিশ্বৰ এনে আচৰণ ৰাছিয়াই কেতিয়াও সহ্য নকবে বুলি সকীয়াই দি পুটিনে কয় যে অচিৰে আচৰণ সলনি নকৰিলে পশ্চিম বিশ্বই অতি বিষম পৰিণতিৰ সম্মুখীন হ’বলাগিব।

নাটোৱে যদিহে ৰাছিয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্রহণ কৰে তেন্তে মস্কোৱে পাৰমাণবিক অস্ত্র। ব্যবহাৰ কৰিবলৈ বাধ্য হ’ব বুলিও পুটিনে সকীয়াই দিলে। ‘পশ্চিম বিশ্বই আমাক অর্ধমৃত আৰু পৰাজিত ৰাষ্ট্রলৈ সলনি কৰিব বিচাৰিছে। কিন্তু এয়া বাস্তৱত কেতিয়াও সম্ভব নহ’ব যদি পশ্চিমীয়া দেশে ৰাছিয়াৰ কাম-কাজত হস্তক্ষেপ অব্যাহত ৰাখে, তেন্তে আমি পশ্চিম বিশ্বৰ এনে দশা কৰিম যি দশা পূর্বে কেতিয়াও হোৱা নাছিল। পশ্চিম বিশ্বই অপচেষ্টা বন্ধ নকৰিলে ৰাছিয়াই পাৰমাণৱিক অস্ত্র ব্যবহাৰ কৰিবলৈ সংকোচ নকৰিব।’ পুটিনে পশ্চিম বিশ্বক উদ্দেশ্যি এইদৰে সকীয়নি প্ৰদান কৰিলে ৷

Exit mobile version