Complete 1st List of BJP’s 195 Candidates For Lok Sabha Polls:বিজেপিয়ে ঘোষণা কৰিলে ১৯৫ প্ৰাৰ্থীৰ নাম

অসমৰ ১১প্ৰাৰ্থীৰো নাম ঘোষণা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সহ পাঁচ প্ৰাৰ্থীৰ নাম কৰ্তন

bjp 1

Complete 1st List of BJP’s 195 Candidates For Lok Sabha Polls:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত আজি শাসকীয় বিজেপি দলে ১৯৫ প্ৰাৰ্থীৰ প্ৰথম তালিকা ঘোষণা কৰে ৷ দিল্লীৰ বিজেপিৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা বিনোদ তাউৰে ৷

এই তালিকাত অসমৰ এঘাৰ প্ৰাৰ্থীৰ নামে স্থান লাভ কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সহ পাঁচ প্ৰাৰ্থীৰ নাম কৰ্তন কৰা হয় ৷ ডিব্ৰুগড়ত টিকট লাভ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

আনহাতে টিকটৰ পৰা বঞ্চিত হ’ল শিলচৰৰ সাংসদ ডা:ৰাজদ্বীপ ৰয়,গুৱাহাটীৰ কুইন ওজা,তেজপুৰৰ পল্লৱলোচন দাস,ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলী, ডিফুত হৰেন সিং বে৷

আজি ঘোষিত তালিত স্থান লাভ কৰা অসমৰ এঘাৰ সৌভাগ্য প্ৰাৰ্থী হ’লগুৱাহাটীত বিজুলি কলিতা মেধি, কৰিমগঞ্জত কৃপানাথ মাল্লা,শিলচৰত পৰিমল শুক্লবৈদ্য,দৰং- ওদালগুৰিত দিলীপ শইকীয়া, ডিফুত অমৰছিং তি’ছ,ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল, লখিমপুৰত প্ৰদান বৰুৱা,যোৰহাটত তপন গগৈ, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা,নগাঁৱত সুৰেশ বৰা, শোণিতপুৰত ৰঞ্জিত দত্ত ৷

উল্লেখ্য যে,আজি বিজেপিৰ ঘোষিত ১৯৫ প্ৰাৰ্থীৰ তালিকাত স্থান লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(বাৰাণসী) ,লোকসভাৰ অধ্যক্ষ ঔম বিৰলা সহ দুজন সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ৷ তালিকা খনত স্থান দিয়া হয় সকলো জাতি- জনজাতিক ৷

সেই অনুসৰি,২৮ গৰাকী মহিলা,৫০ উৰ্ধৰ ৪৭ জনক,যুৱবৰ্গৰ ৪৭ জনক,অনুসূচিত জাতি ২৭ জনক,অনুসূচিত জাতিৰ ২৭ জনক আৰু অবিচিৰ ২৮ জনক ৷

আনহাতে আজি ঘোষিত ১৯৫ সংসদীয় সমষ্টি সমূহৰ ভিতৰত উত্তৰ প্ৰদেশত ৫১,পশ্চিমবংগ ২৬,মধ্য প্ৰদেশ ২৪,গুজৰাট ১৫,ৰাজস্থান ১৫,কেৰেলা ১২,তেলেংগানা ৯,অসম ১১,ঝাৰখণ্ড ১১,ছত্তিছগড় ১১,দিল্লী ৫,জম্মু-কাশ্মীৰ ২ উত্তৰাখাণ্ড ৩,অৰুণাচল প্ৰদেশ ২,গোৱা ১,ত্ৰিপুৰা ১ আন্দামান ১,দমন দিও ১ ৷

Exit mobile version