Registration Fraud Cases in Guwahati ,LawyerArrested:গুৱাহাটীত নামজাৰি জালিয়াতি কাণ্ড

গ্ৰেপ্তাৰ হ'ল অধিবক্তা

forud arrested in ghy

Registration Fraud Cases in Guwahati ,Lawyer Arrested:

মহানগৰীত ভুৱা নামজাৰি আৰু জালিয়াতিৰ স’তে জড়িত থকা চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চে কঠোৰ স্থিতি লোৱাৰ মাজতে নামজাৰি জালিয়াতি কাণ্ডত গ্ৰেপ্তাৰ হ’ল এজন অধিবক্তা ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জাকিৰ ওজাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোণাপুৰৰ পৰা ৷

উল্লেখ্য যে, ধৃত অধিবক্তাজনৰ বিৰুদ্ধে মৃত লোকৰ নামত মাটি বিক্ৰীৰ ভূৱা চুক্তি পত্ৰ সম্পাদন কৰাৰ অভিযোগ উদ্থাপিত হৈছিল । দীৰ্ঘদিন ধৰি আৰক্ষীৰ ভয়ত পলাতক আছিল ধুৰন্ধৰ অধিবক্তাজন ।

উদ্থাপিত অভিযোগ অনুসৰি,১৯৮৫তে মৃত্যু হোৱা লোকৰ নামত ২০০৫ বৰ্ষত ভূৱাকৈ ভূমিৰ নামজাৰি কৰিছিল ৷

উল্লেখ্য যে, উপ পঞ্জীয়ক, চক্ৰ বিষয়াক মেনেজ কৰি ভুৱা নামজাৰিৰ তথ্য লাভ কৰিছে ক্ৰাইম বাঞ্চে ৷ জাকিৰ ওজাক ০৩/২০২৪ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ৷

মনকৰিবলগীয়া যে,গুৱাহাটীত নামজাৰি জালিয়াতি কাণ্ডৰ সন্দৰ্ভত এচিএছ বিষয়া লক্ষ্যজ্যোতি দুৱৰীয়া,উপ-পঞ্জীয়ক নিহাৰেন্দ্ৰ থাওছেনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত জামিনত মুকলি হয় ৷

শেহতীয়াকৈ ক্ৰাইম বাঞ্চে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জাকিৰ ওজাক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁৰ দিয়া স্বীকাৰোক্তিমৰ্মে ক্ৰাইম বাঞ্চে যিকোনো মুহূৰ্ততে পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰে এচিএছ বিষয়া লক্ষ্যজ্যোতি দুৱৰীয়া আৰু উপ-পঞ্জীয়ক নিহাৰেন্দ্ৰ থাওছেনক ৷

আনহাতে ধৃত অধিবক্তা জাকিৰ ওজাক আৰক্ষীয়ে আদালতত হাজিৰ কৰে আৰু আদালতে জেৰাৰ বাবে পুনৰ আৰক্ষীৰ জিন্মাত দিয়ে ৷

Exit mobile version