SBI has Sought time from the S C to Provide Information on Election Bonds:নিৰ্বাচনী বণ্ডৰ তথ্য দিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰা সময় বিচাৰিলে এছ বি আই

sbi

SBI has Sought time from the S C to Provide Information on Election Bonds:

ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে সংগ্রহ কৰা পুঁজিৰ তথ্য ছয় মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগক দাখিল কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ক জনালে ভাৰতীয় ষ্টেট বেংকে।

ষ্টেট বেংক কর্তৃপক্ষই ন্যায়ালয়ক এই বুলিও আবেদন জনাইছে যে নির্বাচনী বণ্ডৰ বিষয়ে সবিশেষ তথ্য দাখিল কৰাৰ সময় বৃদ্ধি কৰা হয়।

উল্লেখ্য যে ৰাজনৈতিক দলসমূহক চান্দা আগবঢ়োৱাৰ বাবে আৰম্ভ কৰা নির্বাচনী বণ্ডৰ ব্যৱস্থাপনাৰ দায়িত্বত আছিল ভাৰতীয় ষ্টেট বেংক। নিয়ম আছিল কোনো ব্যক্তি অথবা কৰ্প’ৰেট সংস্থাই কোনো ৰাজনৈতিক দলক বৰঙণি আগবঢ়াব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ পৰা নিৰ্দিষ্ট অংকৰ বণ্ড ক্ৰয় কৰি সংশ্লিষ্ট দলক সেই বণ্ড দাখিল কৰিব।

দলসমূহে ষ্টেট বেংকত সেই বণ্ড ভঙাই ধন মোকলাই নিব পাৰিব। মূলতঃ ক’লা ধনৰ প্ৰচলন ৰোধৰ বাবে ভাৰত চৰকাৰে এই ব্যৱস্থা গ্রহণ কৰিছিল। ব্যৱস্থাটোত এই চর্তও আছিল যে বণ্ডৰ জৰিয়তে বৰঙণি আদায় দিলে দাতাৰ পৰিচয় অথবা ধনৰ পৰিমাণ গোপনে ৰখা হ’ব।

কিন্তু যোৱা ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নির্বাচনী বণ্ড ব্যৱস্থাটো বাতিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এই ব্যৱস্থাটো অসাংবিধানিক আৰু ক্ষতিকাৰক বুলি আখ্যা দিছিল। উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক নির্দেশ দিছিল যে শীঘ্রেই বণ্ড দিয়া ব্যৱস্থাটো বন্ধ কৰিব লাগে আৰু ইতিপূৰ্বে বণ্ডৰ জৰিয়তে বৰঙণি সংগ্ৰহৰ সমুদায় তথ্য নির্বাচন আয়োগক জমা দিব লাগে।

ষ্টেট বেংকক এই কথা স্পষ্টভাবে কৈছিল যে ২০১৯ৰ ১২ এপ্ৰিলৰ পৰা বণ্ড ব্যৱস্থাৰে সংগ্ৰহ কৰা ধনৰ সমুদায় তথ্য অহা ছয় মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগক জমা দিব লাগিব ষ্টেট বেংকে। আয়োগে এই তথ্য লাভ কৰাৰ পাছতে বৰঙণিৰ বিষয়ে বিস্তৃত তথ্য ৰাজহুৱা কৰিব।

কিন্তু ষ্টেট বেংকে উচ্চতম ন্যায়ালয়ক জনায় যে ইমান সোনকালে তথ্য যোগান ধৰাটো সম্ভৱপৰ নহয়, গতিকে অন্ততঃ কিছুদিনৰ বাবে সময় দিব লাগে যাতে সকলো তথ্য আয়োগক যোগান ধৰিব পৰা যায়।

Exit mobile version