Violence of Cyber Criminals:ৰাজ্যত চাইবাৰ অপৰাধীৰ দৌৰাত্ম্য এবছৰতে লুটিলে ৩৫ কোটি টকা

সমগ্র দেশত ১১ লাখ লোকৰ ৭,৪৮৮ কোটি লুণ্ঠন,৩.২ লাখ ছীম কার্ড ,৪৯ হেজাৰ আইএমইআই ব্লক কৰিলে চৰকাৰে

cyber

Violence of Cyber Criminals:

সাধাৰণ নাগৰিকৰ বেংক একাউন্ট নিমিষতে উদং কৰি পেলোৱা চাইবাৰ প্ৰৱঞ্চকৰ ভয়ংকৰ লুণ্ঠনৰ জাল সমগ্র দেশতে অব্যাহত ৰ আছে। অসমবো শ শ লোেক এই অপৰাধী চক্ৰৰ জালত পৰি কপালৰ ঘাম মাটি পেলাই সঞ্চয় কৰা লাখে লাখে টকা হেৰুৱাইছে।

আৰক্ষীৰ ‘চাইবাৰ ফ্ৰড ৰিপ’টিং আৰু মেনেজমেন্ট ছিষ্টেম’ৰ লগতে থানাই থানাই এই সন্দৰ্ভত ৰুজু হৈ আছে বৃহৎ সংখ্যক গোচৰ ৷ নাগৰিকসকলক বেংকৰ কোনো তথ্য ৰাজহুৱা নকৰিবলৈ তথা গোপনীয়তা ৰক্ষা কৰি চলিবলৈ সংশ্লিষ্ট পক্ষই বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও বেংক নাইবা বিত্তীয় লেনদেনৰ ব্যৱস্থাৰ ওপৰত তীক্ষ্ম দৃষ্টি ৰখা চাইবাৰ প্ৰৱঞ্চক চক্ৰৰ কৱলত পৰিছে বিভিন্নজন।

উল্লেখ্য যে ২০২৩ বৰ্ষত ৰাজ্যৰ প্ৰায় আঠ হেজাৰ লোকৰ পৰা প্রায় ৩৫ কোটি টকা চাইবাৰ প্ৰৱঞ্চকে লুট কৰি নিয়াৰ অভিযোগ লাভ কৰিছে আৰক্ষীৰ চাইবাৰ
ফ্রড ৰিপ’র্টিং ছিষ্টেমে।

গৃহ মন্ত্রণালয়ৰ তথ্য অনুসৰি, চাইবাৰ ফ্রড ৰিপ’টিং ছিষ্টেমে ২০২৩ৰ পহিলা জানুৱাৰীৰ পৰা সংশ্লিষ্ট বৰ্ষৰ ৩১ ডিচেম্বৰ পর্যন্ত অর্থাৎ বিগত বৰ্ষটোত চাইবাৰ প্ৰৱঞ্চকৰ জালত পৰি ধন হেৰুওৱাৰ ১১,২৮,২৬৫ টা অভিযোগ লাভ কৰিছে। এই অভিযোগসমূহৰ জৰিয়তে চাইবাৰ প্ৰৱঞ্চকে ৭,৪৮৮.৬৩৯ কোটি (মুঠ ৭,৪৮,৮৪৩.৯ লাখ টকা) টকা লুট কৰাৰ অভিযোগ লাভ কৰিছে চাইবাৰ ফ্ৰড ৰিপ’র্টিং ছিষ্টেমে।

অৱশ্যে ৩,১৯,৭৯৯টা অভিযোগৰ ৯২১.৫৯৫৬ কোটি টকা সংশ্লিষ্ট বেংকে চাইবাৰ প্ৰৱঞ্চকৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে বুলি গৃহ মন্ত্রণালয়ৰ তথ্যত প্রকাশ পাইছে। অসমৰ প্ৰেক্ষাপটত ২০২৩ ত ৭,৬২১ টা অভিযোগ লাভ কৰে চাইবাৰ ফ্ৰড ৰিপ’টিং ছিষ্টেমে।

এই অভিযোগসমূহৰ বিপৰীতে ৩৪.৪১৮ কোটি (৩,৪৪১.৮ লাখ) টকা চাইবাৰ প্ৰৱঞ্চকে লুট কৰি নিয়াৰ অভিযোগ দাখিল হৈছে চাইবাৰ ফ্ৰড বিপ’টিং ছিষ্টেমত। অৱশ্যে অসমৰ ২,১৬৩ টা অভিযোগৰ ৪.৫১৬১ কোটি (৪৫১.৬১ লাখ) টকা প্ৰৱঞ্চকৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে সংশ্লিষ্ট বিভাগ।

উল্লেখ্য যে কোনো নাগৰিকে চাইবাৰ প্ৰৱঞ্চকৰ কৱলত পৰিলে তাৎক্ষণিকভাবে ‘১৯৩০’ ট্ৰ’ল ফ্রী নম্বৰৰ জৰিয়তে চাইবাৰ ফ্ৰড ৰিপ’টিং এণ্ড মেনেজমেন্ট ছিষ্টেমত অভিযোগ দাখিল কৰিব পাৰে আৰু অভিযোগ লাভ কৰাৰ পাছতে আৰক্ষী আৰু বেংক কর্তৃপক্ষই সংশ্লিষ্ট ছিষ্টেমৰ মাধ্যমেৰে ভুক্তভোগী লোকজনে হেৰুওৱা টকা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলায়।

গৃহ মন্ত্রণালয়ৰ সদৰী কৰা অনুসৰি, এই ছিষ্টেমে সমগ্র দেশৰ ৪.৭ লাখ অভিযোগৰ প্ৰায় ১২শ কোটি ৰক্ষা কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাবে চাইবাৰ প্ৰৱঞ্চনাৰ লগত জড়িতৰ নিশ্চিত তথ্যৰ ভিত্তিত ২০২৪ৰ জানুৱাৰী পর্যন্ত প্রায় ৩.২ লাখ বিভিন্ন কোম্পানীৰ ছীম কার্ড আৰু ৪৯ হেজাৰ আইএমইআই নম্বৰ কেন্দ্ৰীয় চৰকাৰে ছীল তথা বন্ধ কৰি দিছে।

উল্লেখ্য যে চাইবাৰ ফ্ৰড ৰিপ’র্টিং ছিষ্টেমৰ লগতে আৰক্ষী থানাসমূহতো চাইবাৰ প্ৰৱঞ্চকৰ ধন লুটৰ বহু গোচৰ ৰুজু হৈ আছে।

Exit mobile version