Chirag Paswan is Reportedly Being Offered Six Seats By The NDA: লোকজনশক্তি চিৰাগ পাছোৱানক লৈ টনা আজোৰা এন ডি এ- ইণ্ডিয়া এলায়েন্সৰ

ইণ্ডিয়া এলায়েন্সে বিহাৰত আঠ আৰু বিহাৰত দুখন আসন দিয়াৰ প্ৰস্তাৱ, চিৰাগ পাছোৱানক এন ডি এৰ ফালৰ পৰা ছখন আসনৰ প্ৰস্তাৱ !, এন ডিএত থকাৰ ইংগিত চিৰাগ পাছোৱানৰ!, চিৰাগৰ চৰ্ত: খুড়াক পশুপতি পাছোৱান ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিক আঁতৰাই ৰাখিব লাগিব এনডিএ-এ

cirag pasuan

Chirag Paswan is Reportedly Being Offered Six Seats By The NDA:

সমাগত লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত বিজেপি নেতৃত্বাধীন এন ডিএ সহযোগী দলসমূহৰ মাজত আসন বুজাপৰা অতি তৎপৰতাৰে আৰম্ভ কৰিছে যদিও হিন্দী বলয়ৰ অন্যতম ৰাজ্য বিহাৰক লৈ এন ডি এৰ অংশীদাৰ দল সমূহৰ মাজত আসন ভাগ-বতৰাক লৈ তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে ৷

এনে ঘটনাক্ৰমৰ মাজত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া জোটবন্ধনে চল চাই কঠিয়া পৰাৰ দৰে লোক জনশক্তি পাৰ্টি(ৰামবিলাস)ৰ মুৰব্বী ছিৰাগ পাছোৱানক জোটবন্ধনলৈ আনিবৰ বাবে আগবঢ়াইছে লোভনীয় প্ৰস্তাৱ ৷

সেই অনুসৰি পাছোৱানক বিহাৰত আঠ খন আৰু উত্তৰ প্ৰদেশত দুখন আসন দিয়া হ’ব ৷ কিন্ত চিৰাগ পাছোৱানে ইণ্ডিয়া জোটবন্ধনৰ এই প্ৰস্তাৱ প্ৰলোভিত বুলি অভিহিত কৰিছে ৷

শেহতীয়া খবৰ অনুসৰি এন ডিএ বিহাৰত লোক জনশক্তি পাৰ্টিৰ ছটা লোকসভা সমষ্টিৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে ৷

অৱশ্যে এই ক্ষেত্ৰত ছিৰাগ পাছোৱানৰ চৰ্ত খুড়াক পশুপতি পৰাসৰ ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিক আঁতৰাই ৰাখিব লাগিব এনডিএ-এ ৷

উল্লেখযোগ্য, ইণ্ডিয়া মহাজোঁটবন্ধনে ২০১৯ ত অবিভক্ত লোক জনশক্তি পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰা বিহাৰত ছয়খন আসন সহ দুটা অতিৰিক্ত সমষ্টি আৰু উত্তৰ প্ৰদেশৰ দুটা সমষ্টিৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল বুলি এক সূত্ৰত প্ৰকাশ ৷

মনকৰিবলগীয়া যে,এন ডি এৰ চৰকাৰৰ সুদীৰ্ঘ সময় কেন্দ্ৰীয় মন্ত্ৰীৰ আসন শুৱনি কৰা ৰামবিলাস পাছৱানৰ অকাল মৃত্যুৰ এবছৰৰ পাছত তেওঁৰ পুত্ৰ চিৰাগ পাছোৱানৰ অভ্যুত্থানৰ ঘটে ৷কিন্ত দুৰ্ভাগ্যজনক কথা যে,২০২১ ত লোক জনশক্তি পাৰ্টি বিভাজিত হয় ৷ এটা গোটৰ নেতৃত্ব দিয়ে স্বয়ং চিৰাগে আৰু আনটো দলৰ ৰামবিলাসৰ ভাতৃ পশুপতি পাছোৱান ৷

আনহাতে,পিতৃ বিয়োগৰ পিছত পিতৃ এন ডিএ পাৰ্টনাৰ সূত্ৰে চিৰাগ পাছোৱানে কেন্দ্ৰীয় মন্ত্ৰীত্ব বিচাৰি অনুনয়বিনয় কৰিছিল যদিও বিজেপি নেতৃত্বই সেইয়া নাকচ কৰিছিল ৷যাৰবাবে খড়গগ্ৰস্ত হৈ চিৰাগে এন ডি এৰ পৰা সমদূৰত্ব বৃদ্ধি পায় । একেদৰে নীতিশ কুমাৰৰ জেডিইউ আৰু তেজস্বী যাদৱৰ আৰজেডিৰ জোঁটবন্ধন চৰকাৰৰ বিৰুদ্ধেও কটু সমালোচনা কৰিছিল ৷

কিন্ত শেহতীয়া ঘটনাক্ৰমে পুনৰ বিজেপিৰ স’তে হাত মিলাই এনডিএ অংশীদাৰ হৈ বিহাৰত নিতীশ কুমাৰে চৰকাৰ গঠন কৰাত চিৰাগে ক্ষোভিত হৈ পৰে ৷ নিতীশ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। অৱশ্যে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লোৱাৰ পৰা বিৰত আছিল -৷ মোডীক তেওঁৰ নিজৰ ৰাম বুলি অভিহিত কৰিছিল আৰু তেওঁ নিজে হনুমান বুলি কৈছিল।

স্মতৰ্ৱ্য যে,২০২০ ত নিতীশ কুমাৰৰ সৈতে হোৱা মতানৈক্যৰ বাবে এন ডি এ এৰি যোৱা চিৰাগ পাছৱানে যোৱা বছৰ পুনৰ মিত্ৰতা পাশত আবদ্ধ হয় ৷ যেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকী লালু যাদৱ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছকে ধৰি মহাগঠবন্ধনৰ অংশ আছিল।

চলিত বৰ্ষৰ আৰম্ভণিতে জেডিইউৰ মুৰব্বীগৰাকীয়ে এনডিএলৈ ঘূৰি অহাৰ পিছৰে পৰা পুনৰ ব্যৱধান বৃদ্ধি পায় এন ডি এৰ ৷ তথাপিও অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থত চিৰাগ পাছোৱানে এন ডি এ পৰা আঁতৰি অহাটো বিচৰা নাই ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এল জে পিয়ে বিচৰা ধৰণে আসন লাভৰ বাবে বাট চাইছে বিজেপি নেতৃবৰ্গলৈ ৷

Exit mobile version