Open Market for Illegal Weapons in the Assam:ৰাজ্যত অবৈধ অস্ত্ৰৰ মুকলি বজাৰ উন্মোচিত

৩০ হেজাৰত পায় নাইন এমএম

assam arms

Open Market for Illegal Weapons in the Assam:

ৰাজ্যত মুকলি বজাৰ চলিছে অবৈধ মাৰণাস্ত্ৰৰ! বুুধবাৰে সন্ধিয়া মহানগৰীৰ বৰবাৰীত সংঘটিত গুলিচালনাৰ ঘটনাই এনে প্ৰশ্নৰ উদ্রেক ঘটাইছে।

উল্লেখ্য যে পত্নীক পলুৱাই নিয়াৰ প্ৰতিশোধ পূৰণৰ লক্ষ্যৰে কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ অবৈধ পিষ্টল কঢ়িয়াই আনি বন্ধু ছাদ্দাম হুছেইন আলীক গুলিয়াই আহত কৰিছিল ধৃত বাপন দেৱনাথে।

আৰক্ষীৰ জেৰাত দেবনাথে স্বীকাৰ কৰিছে যে ঘটনাত ব্যৱহাৰ কৰা তথা আৰক্ষীয়ে জব্দ কৰা পইন্ট ন এম এম পিষ্টলটো তেওঁ কোকৰাঝাৰৰ পৰা ক্ৰয় কৰিছিল। ৩০ হেজাৰ টকাৰ বিনিময়ত নুৰ মহম্মদ নামৰ এজন লোকৰ পৰা এই পিষ্টল ক্ৰয় কৰিছিল।

উল্লেখ্য যে দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবাৰী-নাৰেংগী সংযোগী ভিআইপি পথৰ বৰবাৰীৰ বৰটিলা জোনাকী নগৰৰ পদপথত তথা কেইখনমান ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত কালি সন্ধিয়া এক গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল। এই গুলিচালনাত ছাদ্দাম গুৰুতৰভাৱে আহত হৈ সম্প্রতি চিকিৎসাধীন হৈ আছে আৰু গুলিচালনা কৰা দেৱনাথক স্থানীয় লোকে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিছিল।

ঘটনাক্রমে ভুক্তভোগী ছাদ্দাম আৰু ধৃত দেবনাথ বন্ধু আছিল। পেছাত দেবনাথ এজন প্লাম্বাৰ মেকানিক আৰু ছাদ্দাম এজন ইলেক্টিচিয়ান। দুয়ো একেলগে বিভিন্ন অট্টালিকাত কাম কৰিছিল আৰু সেই সুবাদতে তেওঁলোকৰ মাজত ঘনিষ্ঠ সম্পর্ক গঢ় লৈ উঠিল। ফলত বন্ধু দেৱনাথৰ পত্নীৰ স’তে পৰকীয়া প্রেম গঢ় লৈ উঠিছিল ছাদ্দামৰ আৰু প্রায় ১০ দিনৰ পূর্বে দেবনাথৰ পত্নীক ছাদ্দামে পলুৱাই নিছিল।

ফলত কালি উল্লিখিত স্থানত দুয়োৰে মুখামুখি হোৱাৰ পাছতে বাপনে পিষ্টলটো উলিয়াই ছাদ্দামলৈ উদ্দেশ্যি গুলিচালনা কৰিছিল। ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দেৱনাথক ৰাইজৰ জিম্মাৰ পৰা গ্রেপ্তাৰ কৰি ঘটনাত ব্যৱহৃত পিষ্টলসহ দুটা সক্রিয় গুলি জব্দ কৰিবলৈ সক্ষম হৈছিল। সম্প্রতি ঘটনাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে আৰু দেৱনাথৰ পত্নীক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Exit mobile version