Kaziranga Visit Pm Modi:পুৱাই পৃথিৱাৰাজ’ নামৰ হাতীৰ পিঠিত উঠি কাজিৰঙা দৰ্শন প্ৰধানমন্ত্ৰী মোডী

জীপ চাফাৰীৰো আনন্দ ললে প্ৰধানমন্ত্ৰী গৰাকীয়ে

modi 1 2

Kaziranga Visit Pm Modi:

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে শুক্ৰবাৰে বিয়লীভাগত তেজপুৰ বিমানকোঠত বিশেষ বিমানেৰে উপস্থিত হৈ তাৰ পৰা হেলিকপ্টাৰেৰে কাজিৰঙাত উপস্থিত হৈ নিশাটো কাজিৰঙাত আৰক্ষীৰ অতিথি শালাত নৈশযাপন কৰে ৷

আজি ৰাতিপুৱা পাঁচবজাত ‘পৃথিৱাৰাজ’ নামৰ হাতীৰ পিঠিত উঠি কাজিৰঙা চোৱাৰ লগতে জীপ চাফাৰীৰো আনন্দ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সূৰ্যোদয়ৰ পাছত পৰিভ্ৰমণ কৰি নৈসৰ্গিক শোভাত বিলীন হয় ৷ ইয়াৰ পাছত তেওঁ পুৱাৰ জলপান খাই উৰা মাৰে অৰুণাচল অভিমূখে ৷

Exit mobile version