Rabiram Narzary:বিটিছিত সমাজ কল্যান বিভাগ ব্যৰ্থ বুলি মন্তব্য বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

২৯ নং কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিত একেদিনাই ৭টা কামৰ আধাৰশিলা স্থাপন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

bpf

Rabiram Narzary:

অসম বিধানসভাৰ অধিনত থকা ২৯ নং কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিত আজি কোকৰাঝাৰ জিলাৰ দোতমা শিশু উন্নয়ণ প্ৰকল্পৰ অধিন বিজয়নগৰ আৰু সমাদাৰ পাৰাত মডেল অংগনাবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি ২৯ নং কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে বিটিছি পৰিষদত থকা সমাজ কল্যান বিভাগ ব্যৰ্থ হৈছে ।

যিসময়ত ভাৰত চৰকাৰে শিশু সকলৰ সৰ্বত্ৰ উন্নয়ণৰ বাবে চিন্তা কৰিছে আৰু কাম কৰি আছে তেনে সময়ত বিটিছি পৰিষদীয় চৰকাৰখনে কোনো উল্লেখযোগ্য কাম কৰা পৰিলক্ষিত হোৱা নাই বুলি মন্তব্য বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ। লগতে একেদিনাই ৫ টা ৰাস্তাৰ কামৰ আচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নাৰ্জাৰীয়ে । আজি পথ সমুহৰ আধাৰশিলা স্থাপন কৰি ৰাইজৰ লগত মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰে বিধায়কগৰাকীয়ে।

অনুষ্ঠান সমুহত বিধায়ক জনৰ লগত সংগ দিয়ে বিপিএফৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক ডঃ ৰেজাউল কৰিমৰ লগতে বিপিএফ দলৰ নেতা কৰ্মী সকলসকল। বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে উক্ত পথ কেইটাৰ কাম অসম চৰকাৰৰ পৰা মোকলাই অনাৰ বাবে বিধায়কজনক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলবাসী ৰাইজে।

Exit mobile version