Supreme Court Has appealed To The AASU :কা’ৰ নিয়মাৱলীক প্ৰত্যাহ্বান আছুৰ

সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ আছুৰ নেতৃবৰ্গ

aasu leader

Supreme Court Has appealed To The AASU :

সমগ্ৰ দেশতে সোমবাৰে নাগৰিকত্ব সংশোধনী আইন(কা’)ৰ অধিসূচনা জাৰি কৰাৰ পাছতে অসমত এই আইনৰ বিৰুদ্ধে গৰজি উঠে বিভিন্ন দল-সংগঠন ৷ সোমবাৰ সন্ধিয়াৰে পৰা গুৱাহাটী সহ ৰাজ্যৰ ভিন্ন প্ৰান্তত আছু সহ বহুকেইটা দল-সংগঠনে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

আনহাতে আজিও ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ দল-সংগঠনৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত অভেদ্য দূৰ্গত পৰিণত কৰিছে মহানগৰ আৰক্ষীয়ে । বহু কেইটা পথত বাঁহৰ বেৰিকেড স্থাপন কৰা হৈছে ৷

ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাইএই আইনৰ কাৰ্যবিধিক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে। এই আইনখনক অসাংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী বুলি অভিহিত কৰি এই আইন খন অসমত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আইনৰ জৰিয়তে বাধাৰোপ কৰা হ’ব ৷ কোনো কাৰণতে কা’ মানি নোলোৱাৰ হুংকাৰ দিয়ে

আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই। ইতিমধ্যে আজি আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি নতুন দিল্লীলৈ উৰা মাৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই আদালতত দাখিল কৰিছে আৱেদন ।

উল্লেখযোগ্য , কা’ আইন খনৰ বিৰুদ্ধে ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ত আছু সহ উত্তৰ পূৰ্বৰ বহুকেইটা সংগঠনৰ ৫০ খন আবেদন দাখিল হোৱাৰ বিপৰীতে সমগ্ৰ দেশৰ পৰা দুই শতাধিক আবেদন দাখিল কৰা হৈছে ৷

কা’ৰ বিৰুদ্ধে ইমান বৃহৎ সংখ্যক আবেদন পৰাৰ পাছত ক্ষীপতাৰে আৰম্ভও হৈছে শুনানি ৷

মনকৰিবলগীয়া যে,লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি চৰকাৰে ততাতৈয়াকৈ দেশত কা’বলবৎ কৰাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ সহ বিভিন্ন বিৰোধী দলে । এন ডি এ চৰকাৰে সংবিধান আৰু দেশৰ অখণ্ডতাক চৰম ভেঙুচালি কৰিছে বুলি এতিয়া সৰ্বত্ৰে সমলোচিত হৈছে ৷

আনহাতে আজি আছুৱে ন্যায়ালয়ত কা’বিৰুদ্ধে আবেদন দাখিল কৰাৰ পাছত আগন্তুক দিনত ন্যায়ালয়ে কি ৰায় দিয়ে সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version