Apcc Gs Join Bjp:ৰাজ্যিক বিজেপি কাৰ্যালয়ত যোগদান কাৰ্যসূচী

পুনৰ এপিচিচিত মোক্ষম আঘাত, বিজেপিত যোগদান এপিচিচিৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়াৰ, ২০২১ত মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল দিহিঙীয়া

mahmara

Apcc Gs Join Bjp:

পুনৰ কংগ্ৰেছত মোক্ষম আঘাত ৷ মঙলবাৰে পলমকৈ হ’লেও কংগ্ৰেছে ৰাজ্যৰ ১২টা লোকসভা আসনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণাৰ কিছু সময়ৰ পাছতে এপিচিচিৰ উপ- সভাপতি তথা প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাৰ পদত্যাগ কৰাৰ এদিনৰ পাছতে আজি পুনৰ কংগ্ৰেছ এৰিলে উজনিৰ কংগ্ৰেছৰ শক্তিশালী নেতা তথা এপিচিচিৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়াই ৷

আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত মাহমৰা বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহন ,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দিহিঙীয়াই যোগদান কৰে বিজেপিত ৷ উল্লেখ্য যে, ২০২১ত মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল দিহিঙীয়া ৷

আনহাতে,বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক সুশান্ত বৰগোঁহাইৰ সৈতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক জাগীৰোডত সাক্ষাৎ কৰে সূৰুয দিহিঙীয়াই ৷

Exit mobile version