Adani Group Chief Drops Out Of $100 Billion Club:
আদানী গোষ্ঠীৰ মুৰব্বী গৌতম আদানীৰ পুনৰ ছন্দপতন ঘটিল। সম্মানীয় ১০০ বিলিয়ন ডলাৰৰ ক্লাবৰ পৰা বাহিৰ হ’ল আদানী গোষ্ঠীৰ মুৰব্বী।
বুধবাবে আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯৯.৯ বিলিয়ন ডলাৰলৈ হ্রাস পালে। চলিত বৰ্ষত আদানীৰ ধাৰাবাহিক সম্পত্তি বৃদ্ধি অব্যাহত আছিল। কিন্তু যোৱা ২৪ ঘণ্টাত আদানী গোষ্ঠীৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰ মূল্য হ্রাস পোৱাৰ ফলত আদানীৰ মুঠ সম্পত্তি ২.৩৮ বিলিয়ন ডলাৰ হ্রাস পালে।
ফলত ১০০ বিলিয়ন ডলাৰৰ ক্লাবৰ পৰা বাহিৰ হ’ল এইজন ভাৰতীয় অর্বুদপতি। চলিত বৰ্ষত প্রথমবাৰৰ বাবে আদানীৰ সম্পত্তি হ্রাস পালে। ২০২৪ৰ প্রথম দুটা মাহত আদানীৰ সম্পত্তিৰ পৰিমাণ ১৫.৬ বিলিয়ন ডলাৰ বৃদ্ধি পাইছিল। যোৱা ২৪ ঘণ্টাত আদানী গোষ্ঠীৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰ মূল্য পাঁচৰ পৰা ১০ শতাংশ হ্রাস পালে।
আদানী গ্রীণ এনার্জীৰ ন শতাংশ, আদানী টোটেল গেছৰ সাত শতাংশ, আদানী এন্টাৰপ্রাইজৰ ছয় শতাংশ, আদানী উইলমাৰৰ চাৰি শতাংশ, আদানী প’ৰ্টৰ পাঁচ শতাংশ, আদানী গ্রীণ ছ’লিউচনৰ ৪.৫ শতাংশ আৰু আদানী পাৱাৰৰ পাঁচ শতাংশ শ্বেয়াৰ মূল্য হ্রাস পালে। একেদৰে এনডিটিভিৰোশ্বেয়াৰ পাঁচ শতাংশৰ অধিক হ্রাস পালে। এচিচি আৰু অম্বুজা চিমেণ্টৰ শ্বেয়াৰ মূল্যও চাৰি শতাংশ হ্রাস পালে।






























