Big B Amitabh Bachchan Admitted In kokilaben Hospital:বিগ বি অমিতাভ বচ্চন হঠাৎ অসুস্থ

মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি, দেশজুৰি অনুৰাগীৰ প্ৰাৰ্থনা

amitabh bachchan

Big B Amitabh Bachchan Admitted In kokilaben Hospital:

বলিউডৰ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চন হঠাৎ অসুস্থ ৷ আজি মুম্বাইস্থ নিজ বাসভৱনত হঠাতে অসুস্থ হৈ পৰা বৰ্ষীয়ান অভিনেতা গৰাকীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰে কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল আৰু মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত ৷

বিগ বি ৰূপে খ্যাত জনপ্ৰিয় অভিনেতা গৰাকীৰ ইতিমধ্যে এঞ্জিওপ্লাষ্টি কৰা হৈছে বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুক্ৰবাৰে পুৱাভাগত অভিনেতাজনক উশাহ লোৱাত কষ্ট পোৱা কান্ধৰ সমস্যাত ভূগি থকাৰ বাবে তৎক্ষণাত ৮১ বছৰীয়া অভিনেতাগৰাকীক চিকিৎসালয় খনত ভৰ্তি কৰা হৈছিল ।

অৱশ্যে বিগ বিৰ অসুস্থতা সন্দৰ্ভত বচ্চন পৰিয়ালে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই ৷

উল্লেখ্য যে,যোৱাবৰ্ষৰ মাৰ্চ মাহত হায়দৰাবাদত ‘প্ৰজেক্ট কে’ৰ শ্বুটিং কৰি থকা অৱস্থাত আহত হৈছিল ৷ পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছুমাহ ধৰি জিৰণি লৈছিল যদিও পিছত বিভিন্ন বিজ্ঞাপন আৰু টিভি চিৰিয়েলৰ শ্বুটিঙত ব্যস্ত হৈ পৰে ৷

আনহাতে, বৰ্ষীয়ান অভিনেতা গৰাকীৰ অসুস্থতাৰ খবৰে ব্যথিত কৰিছে অনুৰাগীসকলক ৷ সৰ্বকালৰ জনপ্ৰিয় অভিনেতা গৰাকীৰ আশু আৰোগ্য কামনা কৰি ইতিমধ্যে দেশজুৰি অনুৰাগীয়ে প্ৰাৰ্থনা কৰিছে ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি বিগ বিৰ অসুস্থাৰ সন্দৰ্ভত কোকিলাবেন হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দলে এটা ৰিপৰ্ট জাৰি কৰিছে ৷

অমিতাভ বচ্চনৰ চিকিৎসালয়ত ভৰ্তি হোৱাত চিকিৎসালয়ত সম্পূৰ্ণ পৰীক্ষাৰ অন্তত এঞ্জিওপ্লাষ্টি কৰা হৈছিল ৷ যিটো চিকিৎসা পদ্ধতি সংকীৰ্ণ বা বাধাপ্ৰাপ্ত ধমনী বহল কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল ৷ যাৰ ফলত হৃদযন্ত্ৰৰ পেশীলৈ তেজৰ সোঁত উন্নত হয়।

আনহাতে তেওঁৰ অৱস্থাৰ মূল্যায়নৰ পিছত চিকিৎসকৰ পৰামৰ্শমৰ্মে এঞ্জিওপ্লাষ্টিৰ সিদ্ধান্ত লোৱা হৈছিল । ইতিমধ্যে প্ৰবীন অভিনেতা গৰাকীক জৰুৰী অস্ত্ৰোপচাৰ কৰা হয় বৰ্তমান অৱস্থা সুস্থিৰ ৷

Exit mobile version