APDCL employee arrested for taking bribe in Nagaon:নগাঁৱত এইবাৰ হাত দাঙিলে এ পি ডি চি এলৰ কৰ্মচাৰীয়ে

ধৃত কৰ্মচাৰী জনৰ নাম নন্দ হাজৰিকা

nagaon

APDCL Employee Arrested for Taking Bribe In Nagaon:

ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী খোজ লোৱাৰ অপৰাধ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে যদিও শিকনি হোৱা নাই ঘোচখোৰ সকলৰ ৷

নগাঁৱত আজি পুনৰ ঘোচ লৈ আটক হ’ল এ পি ডি চি এলৰ কৰ্মচাৰী ৷ বৈদ্যুতিক মিটাৰ সংযোগৰ বাবে নিজ বাসগৃহতে উৎকোচ লওতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে নন্দ হাজৰিকা নামৰ এপি ডি চি এলৰ কৰ্মচাৰীজন ৷

উল্লেখ্য যে,এজন ই-ৰিক্সা চালকৰ পৰা বাণিজ্যিক মিটাৰ সংযোগৰ নামত উৎকোচ বিচাৰিছিল এইগৰাকী ঘোচখোৰ নন্দ হাজৰিকাই ৷

ইতিমধ্যে নগাঁও পুলিচ গেষ্ট হাউচত ঘোচখোৰ কৰ্মচাৰীজনক দুৰ্নীতি নিবাৰক শাখাই জেৰা চলাই আছে ৷ বিয়লীভাগত গুৱাহাটীলৈ নিব কৰ্মচাৰী ঘোচখোৰ কৰ্মচাৰীজনক ৷

Exit mobile version