CDPO Arrested For Taking Bribe:বিজনীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উৎকোচ লৈ আটক চিডিপিঅ

হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুর্নীতি নিবাৰক শাখাই

cdfo

CDPO Arrested For Taking Bribe:

অসমত যেন এতিয়া উৎকোচ লোৱাৰ প্ৰতিযোগিতাহে চলিছে ৷ ইজনৰ পাছত সিজনকৈ ঘোচখোৰ বিষয়া- কৰ্মচাৰী ঘোচ লৈ দুর্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো যেন লোভ কমা নাই একাংশ ঘোচখোৰ বিষয়া- কৰ্মচাৰীৰ ৷

বিজনীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সোমবাৰে উৎকোচ লওঁতেই হাতে- লোটে আটক হয় চিডিপিঅ ৷ ব্ৰজেন্দ্ৰ নাথ দাস নামৰ চিডিপিঅ জনে চাৰিলাখ টকাৰ বিল চহী কৰি দিয়াৰ বিনিময়ত দাবী কৰিছিল উৎকোচ ৷

সেই অনুসৰি আজি উৎকোচৰ ১০ হাজাৰ টকা লওঁতেই ঘোচখোৰ চিডিপিঅ জনক পূবৰে পৰা খাপ পিটি থকা দুর্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version