Telangana Governor Tamilisai Soundararajan Resigns:তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সৌন্দৰৰাজনৰ পদত্যাগ

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যৰে এই পদত্যাগ ৰাজ্যপাল গৰাকীৰ

telengana

Telangana Governor Tamilisai Soundararajan Resigns:

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ কৰাৰ পিছত দেশৰ সকলো সৰু-বৰ ৰাজনৈতিক দল নামি পৰিছে নিৰ্বাচনী ৰণত ৷

এনে নিৰ্বাচনী তৎপৰতাৰ মাজতে সোমবাৰে তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সৌন্দৰৰাজনে পদত্যাগ কৰে ৷ ইতিমধ্যে তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতি ভৱনলৈ ৷

প্ৰাপ্ত খবৰ অনুসৰি , আগন্তুক লোকসভা নিৰ্বাচনত কেন্দ্ৰীয় চেন্নাই বা পুডুচেৰীৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে তামিলিসাই সৌন্দৰৰাজনে। সৌন্দৰৰাজনে বহুবাৰ ৰাজনীতিত পুনৰ সক্ৰিয় হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ওচৰত ।

মনকৰিবলগীয়া যে, তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজভৱনত থকাৰ কিছু সময়ৰ পিছতে ৰাজ্যপাল পদ ত্যাগ কৰে তামিলিসাই সৌন্দৰৰাজনে ৷

Exit mobile version