AGP- BJP Spokespersons Joint Meeting In Ambari:
সমাগত লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্ততি অব্যাহত ৰাখিছে মিত্ৰজোঁটেৰ দল অগপ, বিজেপি ইউ পি পি এল দলে ।
আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অগপ আৰু বিজেপিৰ মুখপাত্ৰসকলৰ এখন যৌথ সভা অনুষ্ঠিত হয়। সভাখন পৰিচালনা কৰে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই। সভাৰ আৰম্ভণিতে দুয়োটা দলৰ মুখপাত্ৰসকলক অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ সক্ৰিয়তাৰে সকলো ধৰণৰ প্ৰচাৰ কাৰ্যত জড়িত হ’বলৈ আহ্বান জনায়।
আনহাতে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰ নীতিৰ ওপৰত অচিৰেই বিজেপি, অগপ আৰু ইউ পি পি এলৰ এখন সন্মিলিত বৈঠক আয়োজন কৰাৰ বাবেও আজিৰ মুখপাত্র সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আজিৰ সভাত বিজেপি অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা, দেৱান ধ্ৰুৱজ্যোতি মৰলৰ উপৰি আন মুখপাত্ৰসকলৰ লগতে বিজিপিৰ মিডিয়া পেনেলিষ্টসকল, অগপৰ উপ সভাপতি বিষ্ণু দাস, অপূর্ব কুমাৰ ভট্টাচার্য, অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা বিমলেনদু সিনহা, সুনীল ডেকা ,ড: তপন দাসৰ লগতে অগপৰ আন মুখপাত্ৰসকল সভাত উপস্থিত থাকে।