Brothers Vikas and Vivek Sahay named DGPs of Gujarat, West Bengal:এক অস্বাভাৱিক পৰিঘটনাত দুই ভাতৃ কৰ্মৰত দুই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান

বিবেক আৰু বিক্ৰম সহায় পশ্চিম বংগ আৰু গুজৰাটৰ ডিজিপি ৰূপে নিয়োজিত, নিৰ্বাচনৰ দিন ঘোষণা পিছতে পশ্চিমবংগৰ ডিজিপিক সলনি নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে

west bengal

Brothers Vikas and Vivek Sahay named DGPs of Gujarat, West Bengal:

দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন শনিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে চুবুৰীয়া পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধানক সলনি কৰাৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে ৷

সেই নিৰ্দেশানুসৰি পশ্চিমবংগৰ চৰকাৰে ৰাজ্যৰ ডিজিপি সলনি কৰি সোমবাৰে নতুন ডিজিপি হিচাপে নিযুক্তি দিয়ে বিবেক সহায়ক ৷

উল্লেখ্য যে,বিবেক সহায়ৰ আন এজন ভাতৃ বিকাশ সহায়ে গুজৰাটৰ ডিজিপি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷
আনহাতে, দুই ভাতৃৰ কনিষ্ঠজন ভাতৃ বিক্ৰম সহায় কাৰ্যৰত হৈ আছে দিল্লীৰ আয়কৰ বিভাগত ৷ তেওঁ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া।

উল্লেখযোগ্য,পশ্চিমবংগৰ নৱনিযুক্ত ডিজিপি বিবেক সহায় ১৯৮৮ বেটচৰ আই পি এছ বিষয়া হোৱাৰ বিপৰীতে তেওঁৰ ভাতৃ তথা গুজৰাটৰ ডি জি পি বিকাশ সাহায় ১৯৮৯ বেটচৰ আই পি এছ বিষয়া।

দুই ভাতৃ দুখন বৃহৎ ৰাজ্যৰ আৰক্ষী মুৰব্বী ৰূপে নিয়োজিত হৈ থকাৰ সন্দৰ্ভত বিকাশ সহায়ে কয় যে, “আমি তিনিওজনে অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাইছিলো আৰু আমি দুজনে ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ত যোগদান কৰাৰ বিপৰীতে আমাৰ কনিষ্ঠ ভাতৃয়ে যোগদান কৰে ভাৰতীয় ৰাজহ সেৱাত ৷ নিজৰ ব্যস্ততাপূৰ্ণ কত্তৰ্ব্যৰ বাবে আমি শেষবাৰৰ বাবে তিনিও জন একলগ হৈছিলো প্ৰায় এবছৰৰ পূৰ্বে ৷

গুজৰাটৰ ডিজিপিয়ে গৰাকীয়ে আৰু কয় যে, যেতিয়া তেওঁ ভাতৃ বিবেক সহায়ক লগ পায় তেতিয়া তেওঁলোকে সাধাৰণতে আৰক্ষী সম্পৰ্কীয় জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

উল্লেখ্য যে, পশ্চিমবংগৰ তদানীন্তন ডিজিপি ৰাজীৱ কুমাৰক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচন আয়োগে সলনিৰ নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰক ৷ সেই অনুসৰি ইচিৰ নিৰ্দেশনা জাৰি কৰাৰ কেইঘণ্টামানৰ পিছতে সোমবাৰে পশ্চিমবংগ চৰকাৰে বিবেক সহায়ক নতুন ডিজিপি হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে বিবেক সহায় কৰ্মৰত হৈ আছিল ৰাজ্য খনৰ গৃহৰক্ষীৰ সঞ্চালক প্ৰধান আৰু কমাণ্ডেণ্ট জেনেৰেল হিচাপে ।

Exit mobile version