Dulu Ahmed Resigns From Assam Jatiya Parishad:অৱশেষত অসম জাতীয় পৰিষদ ত্যাগ কৰিলে দুলু আহমেদে

dulu ahmed

Dulu Ahmed Resigns From Assam Jatiya Parishad:

:অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কিছুদিন ধৰি বিষেদাগাৰ প্ৰকাশ কৰাৰ পাছতে আজি অসম জাতীয় পৰিষদৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰে উপ- সভাপতি দুলু আহমেদে ৷

ইতিমধ্যে তেওঁৰ পদত্যাগ পত্ৰ অজাপৰ নেতৃত্বলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ পদত্যাগ পত্ৰত গগৈৰ বিৰুদ্ধে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবেই জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক জলাঞ্জলি দিয়াৰো অভিযোগ উদ্থাপন কৰে ৷

উল্লেখ্যে যে,পদত্যাগী দুলু আহমেদে বৰপেটা সমষ্টিৰ পৰা জাহাজৰ প্ৰতীক চিহ্নত নিৰ্বাচন অৱতীৰ্ণ হ’ব বুলি সদৰি কৰে ৷

মনকৰিবলগীয়া যে, নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বৰে পৰা দুলু আহমেদে জাহাজৰ প্ৰতীকত বৰপেটাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল ৷ অথচ উল্লিখিত সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ তথা কংগ্ৰেছৰ প্ৰাৰ্থীক দ্বীপ বায়নক সমৰ্থন দিছে জাতীয় পৰিষদে ৷

আনহাতে,দুলু আহমেদে জাহাজৰ প্ৰতীকত বৰপেটাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰাত তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী দিছিল দলটোৱে । ইয়াতে খড়গ গ্ৰস্ত হৈ পৰে নেতা গৰাকী ।

উল্লেখ্য যে,দলত্যাগী দুলু আহমেদে আজি তেওঁৰ পদত্যাগ সন্দৰ্ভত সংবাদ মাধ্যমক সদৰি কৰা মতে ,তেওঁক ভালপোৱা নামনি অসমৰ বহু কৰ্মীক লুৰিণজ্যোতি গগৈয়ে অনাহকত কাৰণ দৰ্শোৱাৰ জাননী দিছে ।

আগন্তুক নিৰ্বাচনত লুৰিণজ্যোতি গগৈৰ এই চৰম বিশ্বাসঘাটকতাৰ বাবে ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে আহমেদে।

Exit mobile version