Finally the Rain Came:
অৱশেষত বৰষুণ আহিল ৷ বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়া অনুসৰি আজি কাহিলীপুৱাৰে পৰা ৰাজ্যত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ।
গুৱাহাটী মহানগৰী সহ উজনি -নামনিৰ সৰ্বত্ৰে কিনকিনিয়া বৰষুণ অব্যাহত আছে ৷
উল্লেখ্য যে,বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে, ৰাজ্যৰ ১৮খন জিলাত পুনৰ জাৰি কৰিছে হালধীয়া এলাৰ্ট ।
বুধবাৰৰ পৰা ২৩ মাৰ্চলৈকে ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্তি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷
আনহাতে, অবিভক্ত কামৰুপ , নামনি অসমৰ নলবাৰী,গোৱালপাৰা,বঙাইগাঁও,দক্ষিণ শালমৰা , কোকোৰাঝাৰ আৰু চিৰাং জিলাত আগন্তুক তিনিদিনত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰি হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷
উল্লেখ্য যে,এজাক বৰষুণৰ কামনাৰে ৰাজ্যৰ কেতবোৰ স্থানত জনশ্ৰুতি অনুসৰি ৰাইজে আয়োজন কৰিছিল ভেকুলীৰ বিয়া ৷