21,000 Webcams to be Installed in Delhi:লোকসভাৰ নিৰ্বাচনত দ্বিখলপীয়া নিৰীক্ষণ ব্যৱস্থা

দিল্লীত লগাব ২১ হেজাৰ ৱেবকেম

cctv

21,000 Webcams to be Installed in Delhi:

লোকসভাৰ আসন্ন নিৰ্বাচনৰ সমগ্র প্রক্রিয়াত নজৰ ৰাখিবলৈ ৰাজ্য আৰু জিলা পর্যায়ত দ্বিখলপীয়া নিৰীক্ষণ ব্যৱস্থা কৰা হ’ব। মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ে এই কথা সদৰী কৰি জনোৱা অনুসৰি, উক্ত কাৰ্যালয়ত ৰাজ্যিক নিয়ন্ত্রণ কক্ষ আৰু ৰাজ্যিক নির্বাচন বিষয়াৰ কার্যালয়ত জিলা নিয়ন্ত্রণ কক্ষ থাকিব।

ADVERTISEMENT

ইয়াৰ জৰিয়তে বিষয়াই নির্বাচন আৰু ভোটগ্রহণৰ সমগ্র প্রক্রিয়াটোত কঠোৰ দৃষ্টি ৰাখিব। দিল্লীত নিৰ্বাচনৰ প্ৰতিটো প্ৰক্ৰিয়া নিৰীক্ষণত ৰখাৰ বাবে ২১ হেজাৰ ৱেবকেম স্থাপন কৰা হ’ব।

প্রার্থীৰ মনোনয়নৰ পৰা আৰম্ভ কৰি ভোটগণনালৈকে নিৰ্বাচনৰ প্ৰতিটো প্রক্রিয়া চিচিটিভিৰ নিৰীক্ষণত সম্পন্ন কৰা হ’ব।

Exit mobile version