General Administration Department Issued the Directive:দৌল যাত্ৰা উপলক্ষে ২৬ মাৰ্চত স্থানীয় বন্ধ নিদিবলৈ জিলা আয়ুক্তলৈ নিৰ্দেশনা

সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিলে জৰুৰী ঘোষণা

janata bhawan

General Administration Department Issued the Directive:

অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আজি জাৰি কৰা এক নিৰ্দেশনানুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন খন জিলাত স্থানীয় বন্ধ নিদিবলৈ সংশ্লিষ্ট জিলা আয়ুক্ত সকলক নিৰ্দেশ দিয়ে

ADVERTISEMENT

উল্লেখ্য যে,প্ৰতিবৰ্ষত দৌল যাত্ৰা উপলক্ষে কেতবোৰ জিলাত স্থানীয় বন্ধ দি আহিছে জিলা আয়ুক্ত সকলে ৷

সেই অনুসৰি এইবাৰো দৌল যাত্ৰা উপলক্ষে ২৬ মাৰ্চত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা নকৰিবলৈ সাধাৰণ প্ৰশাসন বিভাগে সংশ্লিষ্ট জিলা আয়ুক্ত সকললৈ নিৰ্দেশনা জাৰি কৰিছে ৷

উল্লেখযোগ্য,লোকসভা প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। অসমৰ পাঁচ সমষ্টিক্ৰমে শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, লখিমপুৰ সংসদীয় সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ’ব ৷

স্মতৰ্ৱ্য যে,সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰে যে নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলা কেইখনত স্থানীয় বন্ধ ঘোষণা কৰিলে মনোনয়নপত্ৰ দাখিলত সমস্যা হ’ব ৷

Exit mobile version