rbi

Banks Will Remain Open On Sunday:

ভাৰতীয় ৰিজার্ভ বেংকে জনাইছে যে ২০২৪ৰ ৩১ মাৰ্চত চৰকাৰী লেনদেনৰ স’তে জড়িত সকলো এজেন্সী বেংকৰ বাবে কর্মদিন। কিন্তু কেন্দ্রীয় বেংকে জনোৱা মতে ৩১ মাৰ্চত সকলোবোৰ বেংক খোলা থাকিব।

ভাৰত চৰকাৰে চৰকাৰী ৰচিদ আৰু পেমেণ্টৰ স’তে জড়িত বেংকসমূহৰ সকলো শাখাই ৩১ মার্চ, ২০২৪ (দেওবাৰ) লেনদেনৰ বাবে মুকলি কৰি ৰাখিবলৈ অনুৰোধ জনাইছে। যাতে বিত্তীয় বৰ্ষত ৰছিদ আৰু পেমেণ্টৰ স’তে জড়িত সকলো চৰকাৰী লেনদেনৰ হিচাপ দিব পৰা যায়।

সেই অনুসৰি এজেন্সী বেংকসমূহক চৰকাৰী ব্যৱসায়ৰ স’তে জড়িত সকলো শাখা ৩১ মাৰ্চত খোলা ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ পূৰ্বে আয়কৰ বিভাগে জনোৱা মতে, ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে কৰ সম্পৰ্কীয় বাকী থকা কামৰ বাবে বন্ধ বাতিল কৰিছিল ২৯ মার্চ গুড ফ্রাইডে, ৩০ মার্চ আনহাতে ৩১ মার্চ দেওবাৰ।

Exit mobile version