Kejriwal’s Arrest: What the International Media Says:কেজৰিৱালৰ গ্ৰেপ্তাৰঃ কি ক’লে আন্তর্জাতিক সংবাদ মাধ্যমে?

KEJIWAL 55

Kejriwal’s Arrest: What the International Media Says:

দিল্লীৰ মুখ্যমন্ত্রী আৰু আম আদমী পার্টি (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে নিশা বহু বিতর্কিত আবকাৰী নীতি দুর্নীতিৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)-এ গ্ৰেপ্তাৰ কৰিলে। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সংবাদ বিশ্বৰ বিভিন্ন আগশাৰীৰ সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছে।

আমেৰিকাৰ বিখ্যাত সংবাদপত্র ‘ৱাশ্বিংটন প’ষ্ট’-এ এই সন্দৰ্ভত বাতৰি পৰিবেশন কৰি শিৰোনামত লিখিলে, ‘বিৰোধীৰ বিৰুদ্ধে দ্রুত তদন্তৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰীক কৰিলে গ্ৰেপ্তাৰ। ‘চিএনএনে কেজৰিৱালক গ্ৰেপ্তাৰৰ বাতৰি মুখ্য পৃষ্ঠাত পৰিৱেশন কৰি লিখিলে, ‘নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ, বিৰোধীয়ে ষড়যন্ত্র আখ্যা দিলে।’ ব্রিটেইনৰ আগশাৰীৰ সংবাদ মাধ্যম বিবিচিয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰি পৰিবেশন কৰি লিখিলে, ‘ভাৰতত বিৰোধী নেতাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক গৰিহণা দিলে। কেজৰিৱালে কোনো ভুল কার্য কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে। বিৰোধীয়ে কেজৰিৱালৰ এই গ্ৰেপ্তাৰী ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত বুলি অভিযোগ কৰিছে।

অৱশ্যে বিজেপিয়ে এনেবোৰ অভিযোগ অস্বীকাৰ কৰি চৰকাৰে কেৱল ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰিছে।’ অলজজিৰাই শিৰোনামত লিখিলে, ‘মৃতপ্রায় লোকতন্ত্ৰত কেজৰিৱালৰ গ্ৰেপ্তাৰীয়ে ভাৰতৰ বিৰোধীক একত্ৰিত কৰিব পাৰিব নে?’

নিউয়র্ক টাইমছে এইদৰে লিখিলে, ‘ভাৰতত নিৰ্বাচনৰ কেইসপ্তাহমান পূর্বে এটা দলৰ মুৰব্বীক নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰিলে।’ এইদৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগত গুৰুত্ব সহকাৰে বাতৰি পৰিৱেশন কৰিলে।

Exit mobile version