Gurav Gogoi Submit Nomination:যোৰহাটত গৌৰৱ গগৈয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

গৌৰৱ গগৈক সংগ দিয়ে ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ, অখিল গগৈ,জাকিৰ হুছেইন শিকদাৰ,ৰেকিবুদ্দিন আহমেদ,ভাস্কৰ বৰুৱা,নন্দতা দাস সহ বহু কেইগৰাকী কংগ্ৰেছী নেতাই

gurav gogoi

Gurav Gogoi Submit Nomination:

আজি লোকসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ মনোনয়নৰ দাখিল দিন ৷ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন ৩০ মার্চ আৰু ১৯ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন৷

আজি প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে উজনিৰ ডিব্ৰুগড় ,লখিমপুৰ আৰু যোৰহাটত কে’বাগৰাকী হেভিয়েট প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্র ৷

দুপৰীয়া বিশাল সমদলৰে চমক সৃষ্টিৰে যোৰহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ দাখিল কৰে মনোনয়ন পত্ৰ ৷

উল্লেখ্য যে,গৌৰৱ গগৈ এইবাৰ যোৰহাটত কংগ্ৰেছৰ অন্যতম শক্তিশালী প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে ৷

মনোনয়ন পত্ৰ দাখিলৰ বাবে উলিওৱা গৌৰৱ গগৈৰ সমদলটিত সংগ দিয়ে ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ, অখিল গগৈ,জাকিৰ হুছেইন শিকদাৰ,ৰেকিবুদ্দিন আহমেদ,ভাস্কৰ বৰুৱা,নন্দতা দাস সহ বহু কেইগৰাকী কংগ্ৰেছী নেতা ৷

Exit mobile version