Kerala Government Has Filed a Case Against The President:স্বয়ং ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গোচৰ কেৰালা চৰকাৰৰ

উচ্চতম ন্যায়ালয়ত জনালে আবেদন,কাৰণ প্রদৰ্শন নকৰাকৈ দীৰ্ঘদিনে বিধানসভাত গৃহিত সাতখন বিধেয়ক আবদ্ধ ৰখাৰ আভযোগ

bijoyan

Kerala Government Has Filed a Case Against The President:

এইবাৰ স্বয়ং ৰাষ্ট্রপতিৰ সিদ্ধান্তক লৈ প্রশ্ন উত্থাপন কৰিলে কেৰালাৰ বামফ্রন্ট নেতৃত্বাধীন চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ পিনাৰাই বিজয়ন চৰকাৰে অভিযোগ কৰা অনুসৰি, ৰাষ্ট্রপতিয়ে যিদৰে কেৰালাৰ একাধিক জনমুখী বিধেয়ক আবদ্ধ কৰি ৰাখিছে, সেয়া অসাংবিধানিক।

ইয়াৰ বিৰুদ্ধে সর্বোচ্চ ন্যায়ালয়ক পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনালে কেৰালা চৰকাৰে বিজয়ন চৰকাৰৰ অভিযোগ, ৰাজ্য আৰু কেন্দ্রব সম্পর্ক জড়িত নথকা বিষয় হোৱা সত্বেও প্রায় দুবছৰ ধৰি কেৰালা বিধানসভাত গৃহীত সাতখন বিধেয়ক ৰাষ্ট্রপতিৰ কার্যালয়ে আবদ্ধ কৰি ৰাখিছে ৷

ৰাজ্যপালক এই বিষয়ত বাৰদ্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ কৰি বিজয়ন চৰকাৰে কয় যে অধিকাৰৰ সীমা অতিক্রম কৰি বাৰে বাৰে ৰাজ্য চৰকাৰৰ কাম-কাজত হস্তক্ষেপ কৰি আহিছে ৰাজ্যপালে। একাধিক বিধেয়কত ৰাজ্যপালে স্বাক্ষৰ নকৰাৰ ফলত ৰাজ্য চৰকাৰে কাম-কাজত জটিলতা সৃষ্টি হোৱা বুলিও বিজয়ন চৰকাৰে দাবী কৰিছে।

গৃহ মন্ত্রণালয়ে জনোৱা অনুসৰি, কেৰালা চৰকাৰৰ এইসমূহ বিধেয়ক আবদ্ধ কৰি ৰাখিছে স্বয়ং ৰাষ্ট্রপতিয়ে। ৰাষ্ট্রপতিয়ে কোনো কাৰণ প্রদর্শন নকৰাকৈ দীর্ঘদিনে এইসমূহ বিধেয়ক আবদ্ধ কৰি ৰখা বুলিও কেৰালা চৰকাৰে অভিযোগ কৰিছে।

Exit mobile version