Weather In Assam :ৰাজ্যৰ কে’বাখনো জিলাত হ’ব ধাৰাসাৰ বৰষুণ !

সতৰ্কবাণী দিলে বতৰ বিজ্ঞান বিভাগে

rain

Weather In Assam :

হোলীৰ আনন্দ উছাহৰ মাজতে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত যোৱা নিশাৰে পৰা অব্যাহত হৈ আছে কিনকিনীয়া বৰষুণ

আনহাতে ,আজি দিনটোত সমগ্ৰ ৰাজ্যতে নেৰানেপেৰা বৰষুণৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে।

আজি গুৱাহাটী মহানগৰ সহ সমগ্ৰ ৰাজ্যতে হ’ব মুষলধাৰ বৰষুণ আৰু বজ্ৰপাত। বতৰ বিজ্ঞান বিভাগে ৷ যাৰবাবে ৰাজ্যত আজি দিনটোত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হালধীয়া সৰ্তকবাৰ্তা ৷

আনহাতে,সত্ৰনগৰী,বৰপেটাত হোলীৰ আনন্দত বিধি-পথালি দি যোৱা নিশাৰে পৰা বৰপেটা সহ জিলা খনৰ প্ৰায়বোৰ অঞ্চলত ধাৰাসাৰ বৰষুণ অব্যাহত আছে ৷ উল্লেখ্য যে ,প্ৰতিকুল বতৰকো নেওচি আজি বৰপেটা সত্ৰত আৰম্ভ হৈছে দৌলৎসৱৰ সুঁৱেৰি উৎসৱ।

গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আজি আৰু আগন্তুক কে’বাদিনলৈ অসম সহ চুবুৰীয়া দুই পাৰ্বত্য ৰাজ্য মেঘালয় আৰু অৰুণাচলত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version