Guwahati Incident: মহানগৰীত হোলীৰ দিনাই জঘন্য ঘটনা

জনকপুৰৰ পৰা দিন-দুপৰতে অপহৰণ দুই কিশোৰীক অপহৰণ, বলাৎকাৰ কৰি পেলাই দিলে ৰাজপথত, মুমূৰ্ষ অৱস্থাত উদ্ধাৰ,জিএমচিএইছত ভৰ্তি, দুই লম্পটক আটক,পলাতক আন কে'বাজনো

criminal of janakpur

Guwahati Incident:

হোলীৰ আনন্দ উছাহৰ মাজতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হ’ল জঘন্য ঘটনা । কাহিলীপাৰাৰ জনকপুৰৰ সাংবাদিক কলনিৰ পৰা দুই কিশোৰীক অপহৰণ দুৰ্বৃত্তৰ ৷

পিছত দুই কিশোৰীক নিজন ঠাইত নি উপযুপৰি বলাৎকাৰ কৰি পেলাই দিয়ে ৰাজপথত। সেই সময়ত দুই কিশোৰী নিচাসক্ত অৱস্থাত আছিল ৷ মুমূৰ্ষ অৱস্থাত ভগদত্তপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰে জিএম চিএইছত

ভূক্তভোগী কিশোৰী দুগৰাকীয়ে আৰক্ষীৰ আগত উল্লেখ কৰা মতে ,মঙলবাৰে কে’বাজনো যুৱকে ইনভা এখনত বলপূৰ্বক উঠাই নিয়ে ৷ পাছত তেওঁলোক দুয়োকে নিচাযুক্ত দ্ৰব্য সেৱন কৰি অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰে যুৱকৰ দলটোৱে ৷

আনহাতে নিশাৰে পৰা আৰক্ষীয়ে চলোৱা অভিযানত আজি আটক হয় দুই অভিযুক্ত ৰাজু আলী আৰু মনাফ  আলী। ঘটনাৰে জড়িত মূল মাষ্টৰ মাইণ্ড ইনামূল হক সহ আন কে’বাজনো বৰ্তমান পলাতক হৈ আছে। ভগদত্তপুৰ আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

Exit mobile version