Two Chinese Citizen Arrested for Illegally Entering Indiaঅবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা দুই চীনৰ নাগৰিকক গ্ৰেপ্তাৰ

china arrested

Two Chinese Citizen Arrested for Illegally Entering India:

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত দুই চীনা নাগৰিক গ্ৰেপ্তাৰ ৷ উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাৰ ভাৰত-নেপাল সীমান্তৰ সমীপত সন্দেহজনক ভাৱে পাইচাৰি কৰি থকা অৱস্থাত নেপাল- ভাৰত সীমান্তত পেট্ৰলিঙ কৰি থকা এছএছবি জোৱানে আটক কৰে এগৰাকী মহিলা সহ দুই চীনা নাগৰিকক ৷

এছ এছ বিৰ জেৰাত দুয়োয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰিছে ৷ ধৃত দুই চীনা নাগৰিকৰ নাম জৌ পুলিন আৰু য়ুৱান য়ুহান। তেওঁলোকৰ পৰা দুখন চাইনা পাছপোৰ্ট, দুখন নেপালী ভিছা, দুখন চাইনা চিমকাৰ্ড, দখন নেপালৰ চীম কাৰ্ড. দুটা ফোন আৰু অন্য কেতবোৰ সামগ্ৰী জব্দ কৰা হয় ।

ইতিমধ্যে ধৃত দুই চীনা নাগৰিকৰ বিৰুদ্ধে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত মোহনা আৰক্ষীয়ে ১৪ (এ) বিদেশী আইন-১৯৪৬ ৰ অধীনত এটা গোচৰ ৰুজু কৰি আজি আদালতত হাজিৰ কৰে ৷

Exit mobile version